অসম

চৰাইদেউত নিৰ্বাচনী বতাহঃ ভোট কেন্দ্ৰলৈ ৰাওনা পুলিং, প্ৰিজাইডিং বিষয়া

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউঃ শুকুৰবাৰে ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত অনুস্থিত হ'ব প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। প্ৰথম পৰ্য্যায়ৰ ভোটদান প্ৰক্ৰিয়াৰ বাবে পুলিং, প্ৰিজাইডিং বিষয়াসকলে ইভিএম মেছিন লৈ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে।

চৰাইদেউ জিলা নিৰ্বাচনী কাৰ্য্যালয়ৰ পৰা সোণাৰি আৰু মাহমৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩৪৪টা ভোট কেন্দ্ৰলৈ ইভিএম মেছিন লৈ ৰাওনা হৈছে পুলিং, প্ৰিজাইডিং বিষয়াসকল। চৰাইদেউ জিলাত এইবাৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব৷ আনহাতে এটি ভোটগ্ৰহণ কেন্দ্ৰ শাৰীৰিক বিশেষভাৱে সক্ষম লোকৰ দ্বৰা পৰিচালিত হ’ব ৷

ইতিমধ্যে চৰাইদেউ জিলা নিৰ্বাচনী কাৰ্যালয়ৰ অধীনৰ ভোটকেন্দ্ৰসমুহত যাৱতীয় সামগ্ৰীৰ যোগান ধৰিছে নিৰ্বাচন আয়োগে৷ চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা সমষ্টিৰ ৩৪৪ টা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় আৰক্ষী জোৱান মোতায়ন কৰিছে।

জিলাখনৰ সোণাৰি বিধানসভা সমষ্টিৰ মুঠ ১,৭০,৮৭৯ গৰাকী ভোটাৰ আৰু মাহমৰা বিধানসভা সমষ্টিৰ মুঠ ১,৪৭,৬৬৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ জিলাখনৰ ১৮৯ ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে জিলা নিৰ্বাচনী কাৰ্যালয়ে৷