অসম

দেশত অৰাজকতা শেষ কৰাৰ বাবে বিজেপিক পৰাজয় কৰা জৰুৰীঃ ৰ'জলীনা তিৰ্কী

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত চলিছে নিৰ্বাচনৰ গৰম বতাহ। চৌদিশে চলিছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰতিকূল বতৰকো নেওচি লামডিং সমষ্টিৰ বিভিন্ন স্থানত কংগ্ৰেছৰ চলাইছে নিৰ্বাচনী প্ৰচাৰ । সোমবাৰে লামডিং তিনিটা পঞ্চায়তৰ অন্তৰ্গত অঞ্চলসমূহত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে প্ৰচাৰ সভা চলায় ।

দেশত যি অৰাজকতা চলিছে সেই অৰাজকতা শেষ কৰাৰ বাবে এইবাৰ বিজেপিক পৰাজয় কৰাৰ জৰুৰী ৷ ইয়াৰোপৰি ৰে'লনগৰী বুলি খ্যাত লামডিঙত ৰে'লত নিযুক্তি নাপায় লামডিং তথা অসমৰ যুৱ প্ৰজন্মই- এই মন্তব্য কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ।

তাৰোপৰি বিজেপিক কত্যক্ষ কৰি তেওঁ কয় যে কাজিৰঙা সমষ্টি বিজেপীৰ সকলোতকৈ সফলভাৱে জয় লাভ কৰাৰ সমষ্টি কিন্তু এতিয়া কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে দেশৰ প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাইছে আৰু কিছুদিনৰ পিছতে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাবলৈ আহিব ৷ ইয়াতে স্পষ্ট হয় যে বিজেপিয়ে এতিয়া ভয় কৰিছে কংগ্ৰেছৰ প্ৰৰ্থীক লৈ ৷ আজি কংগ্ৰেছ প্ৰৰ্থীগৰাকীক সংগ দিয়ে লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰ, জিলা কংগ্ৰেছ সভাপতি বিশ্বজিৎ মায়া চক্ৰৱৰ্তীকে ধৰি বহু নেতা কৰ্মীয়ে ৷