অসম

নিজকে হিন্দু বুলি পৰিচয় দি ৩ বছৰ প্ৰেম! যুৱতীৰ পৰা ১২ লাখ লুটি হামিদুল উধাও

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ বামুণীমৈদামত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। প্রতাৰণাৰে যুৱতীৰ পৰা যুৱকে লুটিলে প্ৰায় ১২ লক্ষাধিক টকা। সোমবাৰে পোহৰলৈ আহিছে এই ঘটনা।

জানিব পৰা মতে এগৰাকী যুৱতীৰ পৰা বুজন ধনৰাশি লুটিলে হামিদুল ইছলাম নামৰ যুৱকজনে। অভিযোগ অনুসৰি হিন্দু নামেৰে যুৱতীগৰাকীৰ সৈতে ৩ বছৰ ধৰি প্রেম কৰিছিল হামিদুলে।

নানা অজুহাত দেখুৱাই যুৱতীগৰাকীৰ পিতৃৰ একাউন্টৰ পৰা ১২ লাখ টকা সৰকাইছিল। এই ধনৰাশি সৰকোৱাত যুৱতীগৰাকীয়ে সহায় কৰিছিল হামিদুলক। কিন্তু ধনৰাশি সৰকোৱাৰ পিছত যুৱতীগৰাকীৰ পৰা আঁতৰি যায় হামিদুল।

অভিযোগ অনুসৰি যুৱতীগৰাকীৰ গৰ্ভপাতো কৰাইছিল হামিদুলে। এতিয়া যুৱতীগৰাকীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি কাষ চাপিছে আৰক্ষীৰ আৰু এজাহাৰ দাখিল কৰিছে।