অসম

গহপুৰত মহকুমাধিপতি লুকুমণি বৰাৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: সমাগত লোকসভা নিৰ্বাচন উপলক্ষে বৃহস্পতিবাৰে গহপুৰ মহকুমাৰ মহকুমাধিপতি কাৰ্য্যলয়ত এখন সংবাদ মেল সম্বোধন কৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত আয়ুক্ত(ৰাজহ) তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাৰ লগতে নিৰ্বাচনী বিষয়া পূজা পুনম গগৈয়ে। সংবাদমেলখনত মহকুমাধিপতি লুকুমণি বৰাই কয় যে ৭২ নং গহপুৰ বিধান সভা সমষ্টিত আজিৰ তাৰিখলৈকে অন্তৰ্ভুক্ত হোৱা মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৭০,৩২৭ গৰাকী।ইয়াৰে ৮৬,০০৯ গৰাকী পুৰুষ আৰু ৮৪,৩১৮ গৰাকী হৈছে মহিলা ভোটাৰ।

সংবাদমেলখনত লুকুমণি বৰাই আৰু কয় যে সমষ্টি পুনঃনিৰ্ধাৰণ হোৱাৰ পিছত গহপুৰ বিধান সভা সমষ্টিৰ পৰা ৩৭ টা ভোটকেন্দ্ৰ বিহালী বিধান সভা সমষ্টিলৈ স্থানান্তৰিত হোৱাৰ পিছত গহপুৰ বিধান সভা সমষ্টিত থকা মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ১৯৮ টা।তদুপৰি তেওঁ আৰু কয় যে ১৯৮ টা ভোটকেন্দ্ৰৰ বিপৰীতে নিয়োজিত ১৯৮ গৰাকী বি এল অ'ৰ ওপৰত ২০ গৰাকী বি এল অ' ছুপাৰভাইজৰ আৰু বি এল অ' ছুপাৰভাইজৰৰ ওপৰত ১২ গৰাকী এ.ই.আৰ.অ' নিয়োজিত কৰা হৈছে।

ফৰ্ম নং ৬ জৰিয়তে নতুন ভোটাৰ তালিকাত ৩৫৪৮ গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি লুকুমণি বৰাই কয় যে মৃত্যু জনিত আৰু ঠিকনা সলনি হোৱাৰ কাৰণত ফৰ্ম নং ৭ জৰিয়তে ২১৫৩ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে।তদুপৰি ফৰ্ম ৮ ৰ জৰিয়তে ৪১২০ গৰাকী ভোটাৰ নাম বা ঠিকনা সংশোধনী কৰাৰ কথা সংবাদমেলখনত উল্লেখ কৰে লুকুমণি বৰাই।সমাগত লোকসভা নিৰ্বাচনৰ বাবে গহপুৰ সমষ্টিত ২১ গৰাকী চেক্টৰ অফিচাৰ আৰু ৭ গৰাকী জ'নেল অফিচাৰ নিয়োগ কৰা বুলিও তেওঁ উল্লেখ কৰে।

তদুপৰি লোকসভা নিৰ্বাচনৰ বাবে ইভিএম মেনেজমেণ্ট, পাৰ্ছনেল চেল,ট্ৰেণ্সপৰ্ট চেলকে ধৰি বিভিন্ন প্ৰয়োজনীয় চেল ইতিমধ্যে গঠন কৰা বুলি উল্লেখ কৰে মহকুমাধিপতি লুকুমণি বৰাই।সংবাদমেলখনত উপস্থিত থকা গহপুৰ মহকুমাৰ নিৰ্বাচনী বিষয়া পূজা পুনম গগৈয়ে নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন তথ্য সদৰী কৰে।