অসম

এজাক বৰষুণতে জলমগ্ন লামডিং ৰে’লৱেৰ অঞ্চল

Asomiya Pratidin

ডিজিটেল সংবাদ,লামডিং : লামডিংবাসী ৰাইজে যিকোনো মুহূৰ্ততে সন্মুখীন হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ ! লামডিং ৰেলৱে বিভাগৰ গাফিলতিৰ বাবেই মৰণফাণ্ড লৈ পৰিণত হৈছে ব্ৰীকফিল্ড অঞ্চলটোৰ আণ্ডাৰ গ্ৰাউণ্ড ব্ৰীজ। যোৱা দুদিন ধৰি ৰেল নগৰী লামডিঙত প্ৰৱল বৃষ্টিপাতৰ ফলত জলমগ্ন হৈ পৰিছে লামডিং বিভিন্ন অঞ্চল ।

কি ৰেলৱে, কি চৰকাৰী পথ সকলোতে কেৱল পানী । ইয়াৰ মাজতে দ পুখুৰীলৈ ৰূপান্তৰিত হৈছে ব্ৰীকফিল্ডৰ ব্ৰীজখন । উল্লেখ যে কেইবছৰ মানৰ পূৰ্বে লামডিং ৰেল বিভাগে ৰেল সেৱা সুবিধাৰ বাবে নিৰ্মান কৰিছিল এই ৰেল লাইন ।

প্ৰতিদিনে এই ট্ৰেকটোৰে যাত্ৰীবাহী মালবাহী সকলো ৰেল চলাচল হৈ আহিছে, আনফালে তলেৰে দৈনিক পথচাৰী অহা যোৱা কৰি আহিছে। এনেহেন ব্যস্ত পথছোৱা এজাক বৰষুণ দিলেই জলমগ্ন হৈ পৰে । নিশা হ’লেই এই পথে বিপদ মাতি আনে পথচাৰীৰ বাবে ।

অচিৰেই পথটো নিৰ্মাণ কৰি যাতায়ত সুচল কৰিবলৈ চৰকাৰ তথা লামডিং ৰেল বিভাগক আহ্বান জনাইছে। ৰোগী, ছাত্ৰ ছাত্ৰীকে ধৰি বহু শ্ৰমিক তথা চাকৰিয়াল লোকৰ অন্যতম যাতায়তৰ ভৰসা এই পথটো। এতিয়া  ঠায়ে ঠায়ে গাঁতৰ সৃষ্টি হোৱাৰ লগতে সম্পূৰ্ণভাৱে পথটি ভাঙি পৰিছে ।

ৰাইজৰ অভিযোগ  অনুসৰি ৰোড আণ্ডাৰ ব্ৰীজ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ বাবেই ৰেল বিভাগে কোনো পদক্ষেপ লোৱা নাই । আনফালে ৰেলৱে স্বাস্থ্য বিভাগে সময় মতে নলা নৰ্দমা পৰিস্কাৰ নকৰাৰ ফলত ৰেলৱে আবাসগৃহতো বৰষুণৰ পানী সোমোৱা পৰিলক্ষিত হয় । এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগলৈ অভিযোগৰ আঙুলি টোঁৱাইছে একাংশই।