অসম

লামডিঙত পথ দুৰ্ঘটনাঃ কেইবাজনো সেনা জোৱান আহত

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙৰ "এছ" ট্ৰাৰণিঙত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এই দুৰ্ঘটনা সংঘটিত হয় ৷

অসম আৰক্ষীৰ জোৱান কঢ়িওৱা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় । গুৱাহাটীৰ পৰা হাফলং অভিমুখে আছিল বাছখন ৷ গুৱাহাটীৰ বিধানসভা পৰা কৰ্তব্য শেষ কৰি হাফলঙলৈ উভতি অহাৰ সময়তে এই ঘটনা ঘটে ।

৫ এপিবিএনৰ (5th APBN)জোৱান আছিল বাছখনত। এ এছ ০১ জিচি ১২৭৭ নম্বৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাৰ সন্দেহ ৷

আহত জোৱানসকলক প্ৰাথমিক চিকিৎসাৰ বাবে লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বাছখনত ২৫ পৰা ৩০জন জোৱান থকাৰ সন্দেহ আৰক্ষীৰ। ক্ৰমেও ২৫ গৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা স্থলীত লামডিং আৰু হোজাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।