অসম

জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ প্ৰহসনত পৰিণত হৈছে জল জীৱন আঁচনি । লামডিঙত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ। খোৱাপানীৰ নামত অস্বাস্থ্যকৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে গাঁওৰ ৰাইজে।

জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা হৈছে লামডিঙৰ গ্ৰাম্য অঞ্চল। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে দক্ষিণ লামডিঙ পঞ্চায়তৰ অন্তৰ্গত ৮ নং কৃষ্ণ বস্তিৰ ৰাইজে । আজি পৰ্যন্ত চৰকাৰৰ জল জীৱন আচনি ঢুকি নোপোৱা এখন গাঁও বিগত বহু বছৰ বছৰ ধৰি অস্বাস্থ্যকৰ পানী খাই জীৱন নিৰ্বাহ কৰি আহিছে এইখন গাঁওৰ ৰাইজে।

নিজৰ ঘৰৰ পৰা দুৰণিলৈ গৈ এটা কুঁৱাৰ পৰা পানী খাই আছে গাঁওৰ ৰাইজে । আনকি নিজেই পানী সেৱন কৰাৰ লগতে পশুধনকো সেই একেই পানী খোৱাই আহিছে। গাঁওবাসীয়ে ভুগি অহা এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ লগতে স্থানীয় বিধায়ক শিবু মিশ্ৰক সু-ব্যৱস্থা কৰি দিয়াৰ বাবে গাঁওৰ ৰাইজে আহ্বান জনায়।