'তথ্য লুকুৱাইছে চৰকাৰে, অসমৰ অবৈধ বিদেশীৰ সংখ্যা ৪০ লাখতকৈ অধিক'- লুৰীণ 
অসম

'তথ্য লুকুৱাইছে চৰকাৰে, অসমৰ অবৈধ বিদেশীৰ সংখ্যা ৪০ লাখতকৈ অধিক'- লুৰীণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে আজি এক ঐতিহাসিক ৰায়দানৰ জৰিয়তে অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ অসম চুক্তি অনুসৰিয়েই ১৯৭১ চনৰ ২৫ মাৰ্চৰ মাজনিশাই বাহাল ৰাখিলে। ইয়াৰ লগে লগে অসম চুক্তিক নস্যাৎ কৰিব বিচৰা একাংশ ৰাজনৈতিক অপশক্তিৰ মুখ বন্ধ হোৱাই নহয়, আইনী ভাৱেই পুনৰ এবাৰ অসম চুক্তিৰ বৈধতা প্ৰমাণ হ’ল।

উচ্চতম ন্যায়ালয়ত বিচাৰাধীন এক গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি আজি উচ্চতম ন্যায়ালয়ে ১৯৫১ ৰ পৰিবৰ্তে অসমৰ ক্ষেত্ৰত ১৯৭১ৰ ২৫ মাৰ্চকেই শেষ সীমা নিৰ্ধাৰণ কৰাৰ লগতে অসমত হৈ থকা অবৈধ প্ৰবজনক লৈ গভীৰ উদ্বেগো প্ৰকাশ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে আজি এই ৰায় প্ৰদান কৰি নাগৰিকত্ব আইনৰ ৬ (ক) ধাৰাৰ সাংবিধানিক বৈধতা বাহাল ৰাখিলে। এই বিচাৰপীঠৰ সদস্য ন্যায়াধীশ সূৰ্যকান্ত, এন এন সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ ভিতৰত কেৱল জে বি পাৰ্দিৱালাৰ বাহিৰে বাকী সকলোৱেই ১৯৭১ ৰ সপক্ষে ৰায়দান কৰে।

এই ৰায়ৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সাধাৰণ সম্পাদক তথা এই মঞ্চৰ পৰাই আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি ৰাজনীতিত প্ৰবেশ কৰা লুৰীণ জ্যোতি গগৈয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই কয়, অসম চুক্তিৰ অনুসৰিয়েই নাগৰিকত্ব আইন সংশোধনী কৰি যি ৬(ক) দফা আনিছিল, তাক আজি ন্যাযতা প্ৰদান কৰিলে।

গগৈয়ে পুনৰ কয়, নাগৰিকত্ব আইনৰ ৬(ক) দফা সাংবিধানিকভাৱে বৈধ। কাৰণ সেই সময়ৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি, মানৱীয়তা, প্ৰায়োগিক প্ৰেক্ষাপট লক্ষ্য কৰি এই সিদ্ধান্ত লোৱা হৈছিল। ত্ৰিপাক্ষিক অসম চুক্তি মৰ্মেই অসমত নাগৰিকত্বৰ সময়সীমা ১৯৭১ চনৰ ২৫ মাৰ্চ নিৰ্ধাৰণ কৰা হৈছিল।

তাৰোপৰি আজি গোচৰটোৰ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে অসমৰ অবৈধ প্ৰবজনৰ বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ কথা উনুকিয়াই লুৰীণ জ্যোতিয়ে পুনৰ কয়, উচ্চতম ন্যায়ালয়ে কৈছে অসমত যি অবৈধ প্ৰবজন, বিদেশীৰ আগ্ৰাসন হৈছে সেয়া সমগ্ৰ দেশত হোৱা প্ৰবজনতকৈ অধিক। চৰকাৰে দিয়া শপতনামাত এই প্ৰবজনৰ সংখ্যা ৪০ লাখ দেখুওৱা হৈছে। এয়া ভুল তথ্য, তেওঁলোকে তথ্য লুকুৱাইছে।

তেওঁ কয়, তাহানিৰ ইউ পি এ চৰকাৰৰ দিনতে ইন্দ্ৰজিৎ গুপ্তাৰ প্ৰতিবেদনতে অসমত অবৈধ বিদেশীৰ সংখ্যা ৪০ লাখ বুলি কোৱা হৈছিল। তাৰ পাছতো বিভিন্ন উৎসই, সংসদৰ মজিয়াত, এছ কে সিনহাৰ প্ৰতিবেদন আদিত এই কথাবোৰ উল্লেখ আছে। কেন্দ্ৰীয় চৰকাৰে শপতনামাত বিদেশীৰ সংখ্যা কমকৈ উল্লেখ কৰিছে।

তাৰ পাছতো উচ্চতম ন্যায়ালয়ে কৈছে কেন্দ্ৰীয় চৰকাৰে দিয়া শপতনামা অনুসৰি অসমৰ বৈধ বিদেশীৰ সংখ্যা ৪০ লাখ বুলিও ধৰা হয় সেয়া পশ্চিমবংগতকৈ অধিক। যদিও পশ্চিমবংগত অবৈধ বিদেশীৰ সংখ্যা ৫৭ লাখ তথাপিও অসমৰ সমস্যা তেওঁলোকতকৈ বহু জটিল। কিয়নো পশ্চিমবংগৰ মাটিকালি অধিক, অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক সংকট তেওঁ লোকতকৈ বহু বেছি গভীৰ।

উল্লেখ্য যে, ১৯৯৮ চনতে দাখিল কৰা এছ কে সিনহাৰ প্ৰতিবেদন অনুসৰি অসমৰ অবৈধ প্ৰবজনৰ সংখ্যা প্ৰায় ৬০ লাখ।