অসম

ঐতিহ্যপূৰ্ণ মধুপুৰ সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: পশ্চিম বংগৰ কোচবিহাৰত থকা ঐতিহ্যপূৰ্ণ মধুপুৰ সত্ৰত শনিবাৰে উলহ-মালহেৰে মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি দিন-যোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে পুৱাৰে পৰা কোচবিহাৰৰ ইতিহাস প্ৰসিদ্ধ মধুপুৰ সত্ৰত নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচীৰে ভকত-বৈষ্ণৱ সকলে মাধৱ দেৱৰ তিৰোভাৱ তিথি পালন কৰে।

আজি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ৰায়, ডেকা সত্ৰাধিকাৰ মাধৱ দেৱ মহন্ত আৰু বুঢ়া ভকত ৰসিক আতৈ য়ে এই কাৰ্যসূচীত উপস্থিত থাকে। মধুপুৰ সত্ৰত পুৱা ৭ বজাৰ পৰা নাম প্ৰসংগ, সমুহীয়া নাম প্ৰসংগ, আই সকলৰ নাম, বিয়লি প্ৰসংগ আৰু শেষত সন্ধ্যা প্ৰসংগৰে অনুষ্ঠানৰ সামৰণি পৰিব বুলি ডেকা সত্ৰাধিকাৰ মাধৱ দেৱ মহন্তই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, অসমৰ বৈষ্ণৱ ভক্তসকলৰ হৃদয়ত শ্ৰীশ্ৰীমধুপুৰ ধাম বৃন্দাবনসদৃশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু অন্যান্য আতাসকলৰ স্মৃতি বিজড়িত এই ধাম বা সত্ৰ বা থান অসমৰ জাতীয় ইতিহাসৰ এক বৰ্ণিল অধ্যায়; সত্ৰীয়া সংস্কৃতিৰ মৌচাক স্বৰূপ। মধুপুৰ সত্ৰতে শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণ হৈছিল। প্ৰধানকৈ তেনে কাৰণতে এই সত্ৰখনক এখন অতি পবিত্র তীর্থস্থান হিচাপে ভকতসকলে মান্যতা দি আহিছে।

অতীজৰে পৰা ভক্তবৃন্দই মধুপুৰ সত্ৰ দৰ্শন কৰি আৰু সত্ৰৰ আধ্যাত্মিক পৰিৱেশৰ লগত একাত্ম হৈ আত্যন্তিক সুখ আৰু পৰমাৰ্থৰ সন্ধানত ব্ৰতী হোৱা দেখা যায়।ইপিনে আজি দূৰ-দূৰণিৰ পৰা ভক্ত প্ৰাণ ৰাইজ মধুপুৰ সত্ৰ লৈ আহি সেৱা-অৰ্চনা দিয়া দেখা গৈছে।