আজি মাঘ বিহুঃ অগ্নি দেৱতাক সেৱা জনাই জ্যেষ্ঠৰ আশীৰ্বাদ ল'লে কনিষ্ঠই... 
অসম

আজি মাঘ বিহুঃ অগ্নি দেৱতাক সেৱা জনাই জ্যেষ্ঠৰ আশীৰ্বাদ ল'লে কনিষ্ঠই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি মাঘ বিহু। অসমীয়াৰ বাপতি সাহোন তিনি বিহুৰ অন্যতম। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখন অসমীয়াই পালন কৰি আহিছে মাঘৰ বিহু।

পুহ মাহত শালি ধান, মাহ, তিল আদি শস্য চপাই ৰাইজে আৰু সেই ভৰাল উপচাই ৰখা শস্যৰেই উৰুকাত লগে ভাগে এসাজ খোৱাৰ বাবেই মাঘ বিহুক কোৱা হয় ভোগালী বিহু বুলিও। অৱশ্যে কেৱল ভোগ বিলাসতেই মত্ত নাথাকে অসমীয়া ৰাইজ । ভোগালী বিহুৰ সৈতেও আছে বহু কেইটা নীতি-নিয়ম ।

মাঘ বিহুৰ বহু আগৰে পৰাই পাহাৰে ভৈয়ামে ডেকা-ডেকেৰীয়ে হাত উজান দিয়ে মেজি আৰু ভেলাঘৰ সজাত। খেৰ, কলগছ, বাঁহ আদিৰে নিৰ্মিত এই ভেলাঘৰতেই মাঘ বিহুৰ পূৰ্বৰ নিশা অৰ্থাৎ উৰুকাত একেলগে এসাজ খায়, আনহাতে, মাঘ বিহুৰ পুৱা সৰু বৰ সকলোৱে এক পৱিত্ৰ মনেৰে মেজিৰ সন্মুখত মিলিত হয় ।

এই মেজিতেই প্ৰতীকি ৰূপত অগ্নি দেৱতালৈ আগবঢ়োৱা হয় মাহ-কৰাই, পিঠা-পনাৰ নৈবদ্য । তাৰ পাছত পৰিয়ালৰ অথবা সমাজৰ বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদেৰে সকলো মিলিত হয় ৰাতিপুৱাৰ জলপান সাজৰ বাবে । আজি সমগ্ৰ ৰাজ্যতেই এই দৃশ্য পৰিলক্ষিত হৈছে।

কিন্তু ইয়াৰ উপৰিও অতিজৰে পৰা জড়িত হৈ আছে আন বহু পৰম্পৰা । মাঘ বিহুৰ দিনাই আহোম ৰাজত্ব কালত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল বিভিন্ন খেল-ধেমালি, ৰং-ৰহইছ । কণী যুঁজ, ম'হ যুঁজ, কুকুৰা যুঁজ, বুলুবুলি চৰাইৰ যুঁজ আদি অনুষ্ঠিত হৈছিল ৰংঘৰৰ বাকৰিত । সেই সময়ৰ ৰংঘৰৰ বাকৰিৰ খেল ধেমালি আৰু ৰোমান সকলৰ কলছিয়াম প্ৰায় সমতুল্যই আছিল ।

ন্যায়ালয়ৰ নিৰ্দেশনাত যোৱা কিছু বছৰৰ পৰা অসমত ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ নিষিদ্ধ হৈ আছিল যদিও এইবাৰ অৱশ্যে নিৰ্ধাৰিত নীতি, নিয়মৰ মাজেৰে ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হ'ব।