অসম

বৰম্বৈ পশ্চিম মোখনিয়াত সবাহ মহোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ বৰম্বৈ পশ্চিম মোখনিয়াত হাৰিনামৰে মুখৰিত সমগ্ৰ অঞ্চল। পবিত্ৰ মাঘ মাহ উপলক্ষে এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে বৰম্বৈ পশ্চিম মোখনিয়াত গাওঁত। বৰ্ণিল কাৰ্যসূচীৰে বাসুদেৱ নাম ঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই সবাহ মহোৎসৱ।

বাৰেৰহনীয়া সংস্কৃতিক কাৰ্যসূচীৰে আজিৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। জেষ্ঠ নাগৰিক উমেশ কলিতাই আনুষ্ঠানিক ভাৱে সংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে। গাঁও খনৰ পুৰুষ মহিলা,যুৱক যুৱতীয়ে অংশ লোৱা এই সাংস্কৃতিক শোভাযাত্ৰাই এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। উক্ত মহোৎসৱত অসমৰ দুগৰাকী কৈ আগশাৰীৰ নাগাৰা নামৰ পঠিকাই নাম পৰিবেশন কৰিব বুলিও সদৰী কৰিছে উদযাপন সমিতিয়ে।