অসম

ৰঙিয়াৰ খানাপাৰা বৰমূৰা নামঘৰত মাঘী সভা উৎসৱ পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত খানাপাৰা বৰমূৰা ৰাজহুৱা নামঘৰত বৃহস্পতিবাৰে ভকত বৈষ্ণৱৰ উপস্থিতিৰে মাঘী সভা অনুষ্ঠিত হয় । এই মাঘী সভা উৎসৱত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতাই । বিধায়ক গৰাকীয়ে ভকত ৰাইজৰ মাজত উপস্থিত থাকি ভক্তিভাৱেৰে সেৱা আগবঢ়োৱাৰ লগতে মত বিনিময় কৰি আধ্যাত্মিক চিন্তাৰ মাজেৰে মাঘী সভাৰ প্ৰাসংগিকতা কথা উল্লেখ কৰে । মাঘ মাহৰ পূৰ্ণিমা তিথি উপলক্ষে অনুষ্ঠিত হোৱা এই মাঘী সভাত পূৱাৰে পৰা অগণন ভক্তৰ সমাবেশ ঘটে । লগতে সকলো ভক্তই মনোকামনা বিচাৰি প্ৰভূ চৰণত ভক্তিভাৱেৰে প্ৰাৰ্থনা জনায় ।

ইফালে এই মাঘী সভা অনুষ্ঠিত হোৱা খানাপাৰা বৰমূৰা চুবুৰীটোৰ নামঘৰৰ সভাগৃহটিও মুকলি কৰা হয়। বিধায়ক পূজিঁৰ ধনেৰে নিৰ্মাণ কৰা এই সভাগৃহটি বিধায়ক ভৱেশ কলিতাই মুকলি কৰে । ২ লাখ ৫০ হাজাৰ টকাৰে নিৰ্মিত হোৱা এই নামঘৰৰ সভাগৃহটি মুকলি হোৱাত ভক্ত প্ৰাণ ৰাইজৰ এক দীৰ্ঘদিনীয়া আশা পূৰণ হয় বুলি স্থানীয় চুবুৰীৰ ৰাইজে জনায় । আজিৰ এই মাঘী সভাত বহুতো ৰাইজৰ লগতে বিজেপিৰ একাংশ কৰ্মী, ভকত বৈষ্ণৱসকলে ধৰি গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।