অসম

মঙলদৈত বর্ষীয় বৰসভা আৰম্ভঃ ২২ পুৰোহিতে কৰিব মহাবিষ্ণু যজ্ঞ

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ বেজপাৰাত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দশম বৰসভা বুধবাৰৰ পৰা আৰম্ভ হয়। প্রতি ১২ বছৰৰ ব্যৱধানত দৰং জিলাৰ মঙলদৈ বেজপাৰা বৰপথাৰত অনুষ্ঠিত হৈ আহিছে এই বৰসভা তথা শ্রীশ্রী মহাবিষ্ণু যজ্ঞ। এইবাৰ ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰী লৈ পাঁচদিনীয়া কাৰ্যসূচীৰে দ্বাদশ বর্ষীয় দশম বৰসভা অনুষ্ঠিত হয়।

পুৱা ৭.৩০ বজাত বৰসভা উপলক্ষে ১০খন পতাকা উত্তোলন কৰা হয়। ইয়াৰে মুখ্য পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে। আনহাতে কলিতা সম্মিলনৰ পতাকা উত্তোলন কৰে অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সম্মিলনৰ পূব মঙলদৈ শাখাৰ সভাপতি তিলক চন্দ্র কলিতাই।

ইয়াৰ পাছতে সমাজসেৱক উপাৰাম কলিতাই শ্রদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে। শিক্ষাবিদ তৰুণ চন্দ্র শর্মাই হৰি চন্দ্র চহৰীয়া সোঁৱৰণী যজ্ঞ মণ্ডপ উদ্বোধন, দেউৰী লোকনাথ কলিতাই বস্তি প্রজ্বলন, অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সম্মিলনৰ পূৱ মঙলদৈ শাখাৰ প্ৰাক্তন সভাপতি ভগীৰাম কলিতাই গছপুলি ৰোপণ, দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্র গোস্বামীয়ে স্বাস্থ্য শিবিৰ মুকলি, বিজেপিৰ দৰং জিলা শাখাৰ প্ৰাক্তন সভাপতি অশোক ভার্গৱে কার্যালয় উদ্বোধন, জ্যোতিষ সম্রাট ৰাজীৱ শর্মাই অক্ষয় ভাণ্ডাৰ উন্মোচন, অৱসৰপ্ৰাপ্ত শিক্ষক জগবন্ধু চহৰীয়াই ৰন্ধনশালা আৰু ভোজনালয়ৰ দ্বাৰ উন্মোচন, বিধায়ক বসন্ত দাসে ৰমণীমোহন শৰ্মা আৰু শৰৎ শৰ্মা সোঁৱৰণী মুখ্য তোৰণ উন্মোচন কৰে।

ইয়াৰোপৰি মঙলদৈ ৰাজহচক্র চক্র বিষয়া নয়ন পাঠকে মূল প্ৰৱেশ পথৰ তোৰণ উন্মোচন, পৌৰপতি নির্মালি দেবী শর্মা, সমাজসেবক ক্ষীৰোদ বৰুৱা, সঞ্চয় বড়োরে উপ-পথৰ তোৰণ উন্মোচন, কৰে।

সন্ধিয়া নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিজয় কুমাৰ শৰ্মা, অসম চৰকাৰৰ সংগ্ৰহালয় আৰু পুৰাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সঞ্চালক সুনীল কুমাৰ গোস্বামীয়ে ভোটা (বৰ প্রদীপ) প্রজ্বলন কৰিব। প্রথম দিনা বেজপাৰাৰ অসমী কলা-কৃষ্টি সংৰক্ষণ সমিতি আৰু লক্ষীমপুৰৰ শংখধ্বনি নাট্য গোষ্ঠীয়ে ভাওনা প্রদর্শন কৰিব।