অসম

ৰঙিয়াত শ্ৰীশ্ৰী দক্ষিণা কালি মহাযজ্ঞ মহোৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়াঃ "সস্তীয়া জনপ্ৰিয়তা বাদ দি নাগাৰা নামক স্বকীয়তাৰে জীয়াই ৰাখিব লাগিব। অসমীয়া লোকসংস্কৃতিৰ অপূৰ্ব সমাহাৰ লোক পৰিৱেশ্য কলা নাগাৰা নামৰ নিজস্বতা অটুট ৰাখিব লাগিব" । এই মন্তব্য বিশিষ্ট সাংস্কৃতিক কৰ্মী পঙ্কজ পল্লৱ শৰ্মাৰ ।

ৰঙিয়াৰ ডিমুস্থিত কালি মন্দিৰত বিশ্ব শান্তি আৰু মঙ্গলাৰ্থে ২ মাৰ্চৰ পৰা তিনিদিয়াকৈ অনুষ্ঠিত শ্ৰীশ্ৰী দক্ষিণা কালি মহাযজ্ঞ মহোৎসৱৰ দ্বিতীয় দিনা নিশাৰ ভাগত নাগাৰা নাম উদ্ধোধন কৰি এনেদৰে কয় সংস্কৃতিৰ পূজাৰী পংকজ পল্লৱ শৰ্মাই । আনহাতে আদ্ভুদায়িক শ্ৰাদ্ধ আচাৰ্য মণ্ডলীৰ দ্বাৰা বেদস্তুতি জলযাত্ৰা সূৰ্য্যাগ্নি আনয়ন যজ্ঞমণ্ডল প্ৰদক্ষিণ, যজ্ঞাৰম্ভ , বন্তি প্ৰজ্বলন আদি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰে দ্বিতীয় দিনৰ কাৰ্যসূচী সম্পন্ন হয়। যজ্ঞ মহোৎসৱ উপলক্ষে কনককৃষ্ণ ভট্টাচাৰ্যই সম্পাদনা কৰা স্মৃতি গ্ৰন্থ উন্মোচন কৰে নিতিশ শৰ্মাই। আনহাতে সোমবাৰে শেষৰ দিনটোত পূৰ্ণাহুতি অনুষ্ঠিত কৰা হয়।