অসম

আজি মহালয়া : অপশক্তি বিনাশ কৰিবলৈ ধৰাৰ বুকুলৈ দেৱীৰ আগমণ

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি মহালয়া। আজিৰ এই শুভ ক্ষণত ধৰাৰ বুকুলৈ নামি আহিছে দেৱী দুৰ্গা। পৃথিৱীৰ পৰা অপশক্তি বিনাশ কৰি শান্তিৰ বাতাবৰণ সৃষ্টিৰ নিমিত্তে মহালয়াৰ এই ক্ষণ অতিকৈ তাৎপৰ্য্যপূৰ্ণ।

মহালয়া হৈছে হিন্দু বৰ্ষপঞ্জিৰ এটা অতি শুভ দিন। এই দিনটো ভাৰতৰ পশ্চিম বংগ আৰু বাংলাদেশত অতি উৎসাহ আৰু ভক্তিৰে উদযাপন কৰা হয়। প্ৰকৃততে এই দিনটোতে দুৰ্গা পূজাৰ আৰম্ভণি হয় বুলি জনশ্ৰুতি আছে। প্ৰচলিত নিয়ম অনুসৰি মহালয়া হৈছে অশুভ শক্তিৰ বিৰুদ্ধে উদযাপন কৰা জয়ৰ উৎসৱ।

‘মহালয়া’ শব্দটো ‘মহা’ আৰু ‘আলয়’ নামৰ দুটা সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে। যাৰ অৰ্থ হৈছে ‘মহান বাসস্থান’ বা ‘দেৱীৰ ঘৰ।’ বিশ্বাস কৰা হয় যে, এই দিনটোতে দেৱী দুৰ্গাই ভক্তৰ মংগল কৰাৰ লক্ষ্যৰে ভগৱান শিৱৰ বাসস্থান কৈলাশৰ পৰা পৃথিৱীলৈ যাত্ৰা আৰম্ভ কৰিছিল। মহালয়াৰ বিশেষত্ব পৌৰাণিক কাহিনীত বৰ্ণনা কৰা হৈছে। যাক ‘মহিষাসুৰ মাৰ্দিনী’ নামেৰে জনাজাত।

মহালয়াৰ কেন্দ্ৰীয় বিষয়বস্তু দেৱীৰ মহিমা প্ৰাচীন সংস্কৃত পাঠৰ এক কিংবদন্তিৰ ওপৰত আধাৰিত। যি পুৰাণৰ এটা অংশ। এই পাঠত দেৱী দুৰ্গাৰ কাহিনী অৰ্থাৎ স্বৰ্গ তথা পৃথিৱীত সন্ত্ৰাস সৃষ্টি কৰা মহিষাসুৰ নামৰ ৰাক্ষসৰ বিৰুদ্ধে তেওঁৰ যুঁজৰ কাহিনী বৰ্ণনা কৰা হৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ভগৱান ব্ৰহ্মাৰ পৰা অজেয়তাৰ আশীৰ্বাদ লাভ কৰা মহিষাসুৰে পৃথিৱীত এক প্ৰকাৰৰ ধ্বংসৰ সৃষ্টি কৰি সকলোকে বশ কৰা আৰম্ভ কৰিছিল। তেওঁক পৰাজিত কৰিব নোৱাৰি বাবেই দেৱতাসকলে তেওঁলোকৰ শক্তি একত্ৰিত কৰি দেৱী দুৰ্গা সৃষ্টি কৰিছিল। যি অসাধাৰণ শক্তি আৰু অস্ত্ৰ-শস্ত্ৰৰে সমৃদ্ধ আছিল।

মহিষাসুৰ আৰু দুৰ্গাৰ মাজত ৯ দিন আৰু ৯ ৰাতি যুদ্ধ চলিছিল আৰু অৱশেষত ১০দিনৰ দিনা দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিছিল। যিটো দিনক বিজয়া দশমী হিচাপে উদযাপন কৰা হয়। এয়াই হৈছে মহালয়াৰ তাৎপৰ্য্য।

ধুবুৰীত মহালয়াৰ আয়োজন

আজিৰ এই মহালয়াৰ পৱিত্ৰ দিনটো ৰাজ্যজুৰি ব্যাপক উৎসাহ- উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীত মহালয়া উপলক্ষ্যে প্ৰভাত ফেৰী উলিওৱা হৈছে। এই প্ৰভাত ফেৰীত অগণণ ভক্তপ্ৰেমী তথা সৰ্বসাধাৰণ ৰাইজে অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

পুৱা প্ৰায় ৫-৩০ বজাত ধুবুৰী টাউন ক্লাৱৰ উদ্যোগত চণ্ডী পাঠেৰে প্ৰভাত ফেৰী উলিওৱা হয়। ধুবুৰী টাউন ক্লাৱৰ সভাপতি ডা: দেৱময় সান্নালে কয় যে, আজি মহালয়া উপলক্ষে ধৰালৈ দেৱীৰ আগমন হৈছে। দেৱীপক্ষৰ আৰম্ভণি । মা দুৰ্গাই নাশ কৰক অসূয়া অমংগল। শাৰদীয় উৎসৱৰ বতৰালৈ ধৰালৈ আহিব দেৱী দুৰ্গা । ধৰাৰ বুকুলৈ নামিব দক্ষায়িনী‌ ।

সেই বাবে আজি ধুবুৰীবাসী ৰাইজৰ মাজত এক আনন্দ উৎসৱৰ পৰিৱেশ বিৰাজ কৰিছে বুলি তেওঁ ব্যক্ত কৰে। আনহাতে আজি ধুবুৰীৰ কালিবাৰী মন্দিৰ প্ৰাংগণতো মহালয়া উপলক্ষে শাৰদীয় উৎসৱৰ আৰম্ভণি কৰা হয়। চণ্ডী পাঠৰ লগতে বিভিন্ন অনুষ্ঠানৰ মাজেৰে মহালয়াৰ আয়োজন কৰা হয়।

বোকাজানতো মহালয়াৰ পুৱা ওলাই আহিল ৰাইজ

ইফালে দেৱী দুৰ্গাক আদৰিবলৈ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বোকাজানতো দেখা গৈছে উখল-মাখল পৰিৱেশ ৷ কাহিলি পুৱাৰে পৰা মহাশক্তি দেৱী দুৰ্গাক আদৰিবলৈ ওলাই আহিছে শ শ লোক ৷ মহালয়াৰ দিনটোৰ পৰাই আৰম্ভ হয় দুৰ্গোৎসৱ ৷ এই পৱিত্ৰ মহালয়াৰ দিনটোতে কালিবাৰি দূৰ্গা মন্দিৰৰ প্ৰাংগনত পূজা অৰ্চনা কৰে ভক্তসকলে।

মহালয়া উপলক্ষে দেৱী বন্দনাৰে মুখৰিত কুলহাটী গাঁও

মহালয়া উপলক্ষে হাজোৰ কুলহাটী গাঁৱত পুৱাৰ পৰাই আধ্যত্মিক পৰিবেশে বিৰাজ কৰিছে। কুলহাটী দুৰ্গাপূজাস্থলীত ভক্তপ্ৰাণ ৰাইজ সমবেত হৈ ধৰ্মীয় পৰিবেশৰ মাজত দেৱীক আবাহনী আৰাধনা কৰে ভক্তসকলে। বন্তি প্ৰজ্বলনৰে দুৰ্গা দেৱীৰ পূজা আৰম্ভ কৰে ৰাইজে। এক কথাত মহালয়া উপলক্ষে দেৱী বন্দনাৰে মুখৰিত হৈ পৰে কুলহাটী গাঁও।