অসম

সু-সাহিত্যিক তথা নটসৈনিক মহেন্দ্ৰ বৰঠাকুৰৰ আজি জন্মতিথি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি  সু-সাহিত্যিক তথা নটসৈনিক শ্ৰদ্ধাৰ মহেন্দ্ৰ বৰঠাকুৰৰ জন্মদিন। ১৯৩৫ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল বৰঠাকুৰে।

সমাজ সচেতন নাট্যকাৰ জনে নিৰহংকাৰ আৰু সততাৰে সহজ সৰল জীৱন অতিবাহিত কৰি যি সাহিত্য সৃষ্টি কৰিছিল তাত নিহিত হৈ আছে নৱ প্ৰজন্মৰ প্ৰতি আশা আৰু প্ৰেৰণা । তেখেত আছিল একেধাৰে গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক, নিবন্ধকাৰ,নাট্যকাৰ, গীতিকাৰ, চিত্ৰনাট্য ৰচক তথা কাকতৰ সম্পাদক । অৱশ্যে, অসমৰ মানুহৰ হৃদয়ত নাট্যকাৰ হিচাপেই পৰিচিত ।

সাম্প্ৰতিক ৰাজনৈতিক, সামাজিক জীৱনৰ প্ৰমূল্যৰ অৱক্ষয়ৰ স্বৰূপ দাঙি ধৰা 'জন্ম' নাটকেৰে নাট্যকাৰৰ পৰিচয় আৰম্ভ কৰা মানুহ ভালপোৱা ,সদাহাস্য ব্যক্তিজনে শিমলু-চন্দন, পিতামহৰ শৰ-শয্যা, শিপা,শৰাগুৰি চাপৰি, মূখ্যমন্ত্ৰী, মাজনিশাৰ চিঞৰ,মহাবিৰ চিলাৰায়, আইদেউ সন্দিকৈ, বিষ্ণু প্ৰসাদ ,ডাইনীৰ প্ৰেম, মহাত্মাকে আদি কৰি অনাতাঁৰ, ভ্ৰাম্যমাণ তথা দূৰদৰ্শনৰ ( ধাৰাবাহিক, ব্যংগ চিত্ৰ, টেলিফ্লিম, ) বাবে শতাধিক নাটক লিখি থৈ গৈছে ।

জীৱনৰ শেষ সময়ত বাক ৰূদ্ধ (ৰোগৰ বাবে) হৈও কলমেৰে নিজৰ সৃষ্টি অব্যাহত ৰাখিছিল । সংগীত নাটক একাডেমিৰ লগতে আন বহু বটাঁ বাহনৰ পৰা বঞ্চিত হৈও আক্ষেপ নথকা এই বৰেণ্য ব্যক্তিজনৰ বাবে মানুহৰ মৰম আদৰেই আছিল সকলোৰে উৰ্দ্ধত আৰু আজি সেইবাবেই তেখেতৰ সৃষ্টিয়েই তেখেতক জীয়াই ৰাখিছে ।


এইগৰাকী মহান ব্যক্তিয়ে ২০০৫ চনৰ ৯ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰিছিল। আজি তেখেতৰ জন্মতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।