মাজুলী

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু বিশিষ্ট সত্ৰীয়া শিল্পী কৰুণা বৰাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানৰ সিদ্ধান্ত

Asomiya Pratidin

ডিজিটেল সংবাদ,মাজুলী : মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক ইতিহাসৰ এক অন্যতম খোজস্বৰূপে বিশ্ববিদ্যালয়খনৰ প্ৰথম দীক্ষান্ত সমাৰোহখনি অহা ৮ নৱেম্বৰ, ২০২৪ত অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ সন্মানীয় আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই সঞ্চালনা কৰাৰ লগতে বিভিন্ন বিষয়ত স্নাতকোত্তৰ আৰু অন্যান্য ডিপ্ল’মাৰ বাবে অৰ্হতা আহৰণ কৰা ১৮২ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব।

তদুপৰি বিশ্ববিদ্যালয়খনৰ ব'ৰ্ড অৱ মেনেজমেণ্টে জনোৱা প্ৰস্তাৱ অনুসৰি অসমৰ সন্মানীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যই ইতিমধ্যে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয়া সংস্কৃতিৰ শিল্পী, গৱেষক তথা লিখক, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক কৰুণা বৰাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানৰ বাবে অনুমোদন জনাইছে।

অসমৰ বহুকেইগৰাকী বৰেণ্য শিক্ষাবিদ, বিশিষ্ট সাহিত্যিক, শিল্পী আৰু সমাজকৰ্মীয়ে বিভিন্ন দায়িত্বৰে অংশ ল’বলগীয়া এই দীক্ষান্ত সমাৰোহৰ প্ৰস্তুতি আৰু অন্যান্য কাৰ্যসূচীত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে জিলা প্ৰশাসন, সংবাদ মাধ্যম আৰু সমূহ ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছে।