মাজুলী

মাজুলীৰ মুখাশিল্প আৰু সাচিপাতৰ চিত্ৰ অংকনে GI স্বীকৃতি

Asomiya Pratidin

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ বাবে ভাল খবৰ। মাজুলীৰ মুখাশিল্প আৰু সাচিপাতৰ চিত্ৰ অংকনে লাভ কৰিছে ভৌগোলিক স্বীকৃতি। বহুতো পৰীক্ষা নিৰীক্ষণৰ পাছত মুখাশিল্প আৰু সাচিপাতে জি আই মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে।

দুজনা গুৰুৰ অমৰ সৃষ্টি প্ৰাকৃতিকভাৱে তৈয়াৰী ভাওনাৰ অতিমানৱ চৰিত্ৰত ব্যৱহৃত মুখাশিল্প থলুৱা শিল্প। মাজুলী চাভগুৰি সত্ৰকে ধৰি সত্ৰ সমূহত এই মুখাৰ পৰম্পৰাগত ভাবে নিৰ্মাণ হৈ আহিছে। নতুন চামগুৰি সত্ৰৰ মুখাশিল্পী পদ্মশ্ৰী সংগীত নাটক অকাডেমি বটাঁ প্ৰাপ্তক হেমচন্দ্ৰ গোস্বামীয়ে এই মুখা শিল্পীৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আজীৱন নিজকে উৎসগা কৰিছে।

বিশ্বজনীন হৈছে মুখাশিল্প। বৃটিছ মিউজিয়াম ,ফান্স মিউজিয়াম, আমেৰিকা মিউজিয়াম দিল্লীৰ নেচনেল মিউজিয়ামত সংৰক্ষিত হৈছে মুখাশিল্প। ভাৰত চৰকাৰৰ তৰফৰ পৰা বহুতো পৰীক্ষা নিৰীক্ষাৰ শেষত ঐতিহাসিক সম্পদে নিজৰ ভৌগোলিক স্বীকৃতি লাভ কৰিলে। ইয়াকে লৈ উৎফুল্লিত হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামীৰ উপৰিও কেইখনো সত্ৰৰ বৈষ্ণৱ যেনে উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ দীপক বৰুৱা এই শিল্পৰ লগত জড়িত।

আনহাতে গুৰুদুজনাৰ আন এবিধ অমৰ সৃষ্টি সাচিপাতৰ পুথি। সাচিগছৰ বাকলিৰ পৰা হেঙুল হাইতেল, মাতিমাহ,ঔটেঙা, আদি প্ৰাকৃতিক ভাবে সাচিপাতৰ পুথি চিত্ৰ প্ৰস্তুত কৰাতো অতিকৈ কঠিন। বৰ্তমান বিলুপ্তিপ্ৰায় এই পুথি চিত্ৰ অংকন মাজুলীৰ সত্ৰ সমুহত বৰ্তমানেও প্ৰচলিত ।

প্ৰাকৃতিক সামগ্ৰীৰে পৰম্পৰা গত ভাবে প্ৰস্তূত কৰা সাচিপাতৰ চিত্ৰ অংকনেও ভৌগোলিক স্বীকৃতি লাভ কৰাত শিল্পী সকল উৎফুল্লিত হৈছে। বিশেষকৈ গড়মূৰ সত্ৰৰ মৃদুল বৰুৱাই এই চিত্ৰ অংকনৰ বাবে নিজকে উৎসগিত কৰিছে। গুৰগৃহ সাজি শ শ ছাত্র ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে।

কেৱল সাচিপাত প্ৰস্তুত আৰু অংকন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা শিল্পী মৃদুল বৰুৱাও উৎফুল্লিত এই স্বীকৃতিৰ বাবে। মৃদুল বৰুৱাৰ ওপৰিও উত্তৰ কমলাবাৰী সত্ৰৰ ৰাজীৱ কাকতিও এই পুথিচিত্ৰ অংকনৰ লগত জড়িত।