মাজুলীৰ যুগুনীধাৰী (আলিমূৰ) ছিগা মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ... 
মাজুলী

মাজুলীৰ যুগুনীধাৰী (আলিমূৰ) ছিগা মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শেহতীয়া বানপানীৰ মাজতে মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি নিয়া যুগুনীধাৰী (আলিমূৰ) মথাউৰিটো পুনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে বুলি ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই এক্সৰ জৰিয়তে অৱগত কৰিছে। তেওঁ উল্লেখ কৰা মতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি নিয়া যুগুনীধাৰী (আলিমূৰ) মথাউৰিৰ দ অংশ অত্যাধুনিক প্ৰযুক্তিৰে জিঅ' বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে আৰু মথাউৰিটোৰ দুয়োটা ছিগা মূৰ ১৫ দিনৰ ভিতৰত সংযোগ কৰা হৈছে।

মন্ত্ৰী হাজৰীকাই লগতে উল্লেখ কৰা মতে মথাউৰিটোৰ ছিগা অংশটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগে দিনে-নিশাই ক্ষিপ্ৰতাৰে কাম অব্যাহত ৰাখিছে। ইয়াৰোপৰি ৰাজ্যৰ আন আন প্ৰান্তত বাঢ়নী পানীয়ে ছিগা মথাউৰিসমূহৰ মেৰামতিৰ কাম পূৰ্ণ গতিত চলি আছে।