মাজুলীৰ উদাসীন সত্ৰৰ কাষতে ল'জত চলিছে নাৰী দেহৰ ব্যৱসায়... 
মাজুলী

মাজুলীৰ উদাসীন সত্ৰৰ কাষতে ল'জত চলিছে নাৰী দেহৰ ব্যৱসায়...

Asomiya Pratidin

ডিজিটেল সংবাদ মাজুলীঃ সত্ৰ নগৰী মাজুলীৰ ঐতিহ্যত কালিমা সানি ঐতিহাসিক মহাপুৰুষীয়া সত্ৰ আৰু শিক্ষানুষ্ঠানৰ কাষতে নাৰী দেহৰ ব্যৱসায়ত লিপ্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে কমলাবাৰীৰ চিভিল তিনিআলিৰ এটা ল'জৰ গৰাকীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি কমলাবাৰী চিকিৎসালয়ৰ কাষতে থকা এটা ল'জত দীৰ্ঘদিন ধৰি নাৰী দেহৰ ব্যৱসায় চলি আহিছিল। এই ব্যৱসায় চলাই আহিছিল ল'জটোৰ গৰাকী কমলেশ্বৰ বৰাই। ল'জটোৰ এফালে আছে এখন ঐতিহাসিক মহাপুৰুষীয়া সত্ৰ আৰু আনফালে এখন প্ৰাথমিক বিদ্যালয়, শিশু নিকেতন।

এনে এক পৰিবেশত নাৰী দেহৰ ব্যৱসায়ৰ দৰে অসামাজিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগৰ পাছতে উক্ত ল'জটোত আৰক্ষীয়ে হঠাৎ অভিযান চলাই এই ঘাটি উৎখাট কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষী অহাৰ খবৰ পায় বহুকেইজন যুৱক পলাবলৈ সক্ষম হয় ।

মাজুলীৰ একাংশ ল'জ, বেম্ব কটেজ আদিত দীৰ্ঘদিনৰ পৰা নাৰী দেহৰ ব্যৱসায় চলি অহা বুলি ব্যাপক অভিযোগ চলি অহাৰ মাজতে দীৰ্ঘদিনৰ অভিযোগৰ ভিত্তিত চিভিল তিনিআলিত থকা এই ল'জত গড়মূৰ আৰক্ষীয়ে প্ৰথমে অতৰ্কিতে অভিযান চলাইছিল। ল'জটোৰ প্ৰতিটো কোঠা আৰক্ষীয়ে তন্ন-তন্নকৈ পৰীক্ষাৰ অন্তত ল'জটোত সন্তানসহ তিনিগৰাকী মহিলাক পায় আৰক্ষীয়ে।

প্ৰথমে আৰক্ষীয়ে মহিলা কেইগৰাকীক সোধা-পোছৰ অন্তত প্ৰথমে উক্ত মহিলা কেইগৰাকীক ল'জটোৰ পৰা যাবলৈ দিয়ে। ইফালে পুনৰ দ্বিতীয় বাৰ ল'জটোত আৰক্ষীয়ে চলোৱা আকস্মিক অভিযান কালত পুনৰ সন্তানসহ দুগৰাকী মহিলাক ল'জটোৰ পৰা উদ্ধাৰ কৰাৰ লগতে ল'জৰ মালিক কমলেশ্বৰ বৰাকো গড়মূৰ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়।

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা উক্ত ল'জটোত অসামাজিক কাম-কাজ চলি অহা বুলি আৰক্ষীয়ে অভিযোগ লাভ কৰি আহিছিল। ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত অৱশেষত আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত ল'জটোৰ মালিক কমলেশ্বৰ বৰাৰ বিৰুদ্ধে Immoral Trafic (Prevention)Act 1986 ৰ আধাৰত গড়মূৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

এখন উদাসীন মহাপুৰুষীয়া সত্ৰৰ একপ্ৰকাৰে নিচেই কাষতে এনেদৰে নাৰী দেহৰ দৰে ব্যৱসায়ৰ ঘাটি কৰাৰ ধৃষ্টতাক লৈ এতিয়া সচেতন মহল স্তম্ভিত হৈ পৰিছে। ইফালে এতিয়াও মাজুলীৰ বহুকেইটা এনেকুৱা ল'জ, কটেজ আছে য'ত নাৰী দেহৰ ব্যৱসায় চলি অহা বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছে।

মাজুলীৰ একাংশ ল'জ আৰু কটেজত এতিয়া দেশী- বিদেশী পৰ্যটকৰ বাবে নহয় এনেধৰণৰ অসামাজিক কামৰ দ্বাৰাই টকা উপাৰ্জন কৰি অহা বুলি এক সূত্ৰই জানিবলৈ দিছে।