মাজুলী

ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী-নিমাতী অভিমুখী ফেৰী আৱদ্ধ

Asomiya Pratidin

ডিজিটেল ডেস্ক: মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈছে এখন ফেৰী। মাজুলীৰ পৰা নিমাতী অভিমুখে গৈ থকা অৱস্থাত আৱদ্ধ হৈ পৰে ফেৰীখন।

জানিব পৰা মতে ইঞ্জিনৰ বিজুতিৰ বাবেই নদীৰ মাজত আৱদ্ধ হৈ পৰে ফেৰীখন। ফেৰীখনত আছে ৫০ৰো অধিক যাত্ৰী।

যান্ত্ৰিক বিজুতিৰ ফলত ফেৰীখন আৱদ্ধ হৈ পৰাত আতংকিত হৈ পৰিছে যাত্ৰীসকল।ইতিমধ্যে ফেৰীখন উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলৰ অভিযান আৰম্ভ হোৱাৰ কথা জানিব পৰা গৈছে।