পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি মাজুলীৰ পুৰণিবাৰীত উত্তপ্ত পৰিস্থিতিঃ ৰাইজৰ পথ অৱৰোধ... 
মাজুলী

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি মাজুলীৰ পুৰণিবাৰীত উত্তপ্ত পৰিস্থিতিঃ ৰাইজৰ পথ অৱৰোধ...

Asomiya Pratidin

ডিজিটেল সংবাদ মাজুলীঃ বুধবাৰে পুৱাই মাজুলীৰ পুৰণিবাৰীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। মঙ্গলবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হয় এই উত্তেজিত পৰিস্থিতি। উত্তেজিত ৰাইজে জেংৰাইমুখ-গড়মূৰ পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

উল্লেখ্য যে, মঙ্গলবাৰে পুৰণিবাৰীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত এজন উদণ্ড বাইক চালকৰ খুন্দাত প্ৰাণ হেৰুৱাই ৮১ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক ভোগেশ্বৰ নাথ আৰু তেওঁৰ পুত্ৰ বসন্ত নাথে (৫০)।

ঘটনাৰ বিৱৰণ অনুসৰি নিহত এই দুয়ো পিতা-পুত্ৰ চেঙেলীবাৰী গাঁৱৰ পৰা ওলাই আহিছিল। সেই সময়তেই তীব্ৰ বেগেৰে আহি এখন বাইকে দুয়োকে খুন্দা মাৰে। ফলত দুয়ো গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ পাছতে স্থানীয় ৰাইজে দুয়োকে গড়মূৰ জিলা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়খনত কোনোধৰণৰ উন্নত সুবিধা নথকাত বৃদ্ধ ভোগেশ্বৰ নাথক ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয়। কিন্তু ডিব্ৰুগড়লৈ নিয়াৰ পথতেই তেওঁৰ মৃত্যু হয়।

ইফালে পিতৃৰ দৰেই পুত্ৰকো উন্নত চিকিৎসাৰ বাবে লৈ গৈছিল যদিও তেওঁৰো মৃত্যু হয়। একেটা পৰিয়ালৰ দুজন ব্যক্তিৰ এনে দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। ইফালে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভোগেশ্বৰ নাথৰ পত্নী তথা বসন্ত নাথৰ বৃদ্ধা মাতৃ, পত্নী আৰু ১৬ বছৰীয়া কন্যাই দুয়োজনৰ মৃত্যুত শোকত ভাঙি পৰিছে।

এনে পৰিস্থিতি স্থানীয় ৰাইজে এতিয়া উদণ্ড বাইক চালকজনক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে। সমান্তৰালকৈ গড়মূৰ চিকিৎসালয়ৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে। চিকিৎসালয়খনত ৰোগীৰ বাবে উপযুক্ত চিকিৎসা সুবিধা নথকাৰ বাবেই দুজনকৈ ব্যক্তিয়ে একেলগে প্ৰাণ হেৰুওৱাৰ অভিযোগ উঠিছে। ক্ষোভিত ৰাইজে মাজুলী জিলা প্ৰশাসনৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে।