গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৃপাত মাজুলীৰ ২৬ টা পৰিয়ালে লাভ কৰিলে পথ... 
মাজুলী

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৃপাত মাজুলীৰ ২৬ টা পৰিয়ালে লাভ কৰিলে পথ...

Asomiya Pratidin

ডিজিটেল সংবাদ মাজুলীঃ অবশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৃপাত মাজুলীৰ শেনচোৱাৰ ২৬ টা পৰিয়ালে লাভ কৰিলে এটা পথ। দীৰ্ঘদিন ধৰি পথৰ অভাবত দুৰ্ভোগ ভূগি অহা এই ২৬ টা পৰিয়ালে এতিয়া এটা পথ লাভ কৰি স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে আজি মাজুলী জিলা প্ৰশাসনে উচ্ছেদ চলাই শেনচোৱাৰ এই ২৬ টা পৰিয়ালৰ বাবে এটা পথ মুকলি কৰি দিয়ে। উল্লেখ্য যে, শেনচোৱাৰ ২৬ টা পৰিয়ালৰ ঘৰলৈ যাবলৈ কোনোধৰণৰ পথ নথকাত মাজুলী জিলা প্ৰশাসনক আবেদন কৰিছিল। কিন্তু এই আবেদনৰ পাছতো এই পৰিয়াল কেইটাই লাভ কৰা নাছিল কোনো সু-ফল।

পৰিয়াল কেইটাই শেনচোৱা বালি চাপৰি নামঘৰৰ কাষেদি পথ বিচাৰিছিল যদিও গাঁৱৰে একাংশ লোকে নামঘৰ দেৱাল মাৰি সেই পথো বন্ধ কৰি দিছিল। যাৰ পৰিপ্ৰেক্ষিতত ২৬ টা পৰিয়ালে যাতায়তৰ বাবে পথৰ অভাবত ভূগিবলগীয়া হৈছিল। ঘৰৰ পৰা ওলাই আহিবলৈও নাছিল এটা পথ।

পথৰ অভাবতেই তেওঁলোকে আনৰ বাৰীৰ পাছফালেৰেই প্ৰয়োজনত যাতায়ত কৰিবলগীয়া এক পৰিস্থিতিৰ মাজেৰে দিন পাৰ কৰিছিল। অৱশ্যে মাজুলী জিলা প্ৰশাসনে নামঘৰৰ কাষেৰে দেৱালখন ভাঙি পথ দিবলৈ দুয়ো পক্ষকে পৰামৰ্শ দিছিল যদিও গাওঁখনৰ একাংশ লোকে সেই পৰামৰ্শ মানি লোৱা নাছিল।

এনে পৰিস্থিতিত উপায়ন্তৰ হৈ গাওঁখনৰ ২৬ টা পৰিয়ালে জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটী উচ্চতম ন্যায়ালয়ত এই বিষয়ে এক গোচৰ দাখিল কৰে। সেই গোচৰৰে শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে ভুক্তভোগী ২৬ টা পৰিয়ালৰ সপক্ষে ৰায় প্ৰদান কৰিলে।

আজি সেই ৰায়ৰ ভিত্তিতেই মাজুলী জিলা প্ৰশাসনৰ হৈ মাজুলী ৰাজহ চক্ৰ বিষয়া, আৰক্ষী, চি আৰ পি এফ বাহিনীৰ উপস্থিতিত নামঘৰৰ দেৱাল ভাঙি পথ মুকলি কৰি দিলে। ফলত দীৰ্ঘদিন ধৰি পথৰ অবিহনত ভূগি থকা পৰিয়াল কেইটাই এটা পথ লাভ কৰিলে। অন্ত পৰিল তেওঁলোকৰ যাতায়তৰ দুৰ্দশা। সেয়ে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু মাজুলী জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে।