মাজুলী

২ ঘন্টা ধৰি অপেক্ষা কৰাৰ পাছতো ১০৮ নাহিল, হাবিৰ মাজতে প্ৰসৱ মহিলাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী লখিমপুৰ সীমামুৰীয়া অঞ্চলবাসীৰ যমৰ যাতনা। মাজুলীত অন্তৰ্ভুক্ত হোৱা লুইত খাবলু পঞ্চায়তৰ অন্তৰ্গত ডাম্বোকিয়াল অঞ্চলৰ ১৬ খন গাঁৱৰ দুখ যন্ত্ৰণা কেতিয়া শেষ হ'ব?

আজিও উন্নয়নে স্পৰ্শ কৰিব পৰা নাই অঞ্চলবাসীক। অঞ্চলটোৰ বাসিন্দাই দীৰ্ঘকালে ৰজাঘৰৰ দ্বাৰা অৱহেলিত হৈ আহিছে। ইয়াৰ মাজতে দেওবাৰে এক কৰুণ ঘটনা সংঘটিত হয়।

অঞ্চলটোৰ ডাম্বোকিয়াল ১৬ মাইল গাঁৱৰ উপাই পায়েঙৰ পত্নী অনামিকা পায়েং প্ৰসৱ বেদনাত চটফটাই থকাত গাঁৱৰ যুৱক সকলে বস্তাত সাঙি কৰি লুইত নদী ডাম্বোকিয়াল ঘাটত কথা বাঁহৰ দলঙেৰে পাৰ কৰিছিল। কিন্তু প্ৰসৱ বেদনাত চিঞৰিবলৈ ধৰা অনামিকাক দলং পাৰ কৰি ঘাটতে ৰখাই ১০৮ সেৱালৈ বহুবাৰ ফোন কৰিছিল। কান্দি কান্দি চিঞৰি ২ ঘন্টা পাৰ কৰিলে কিন্তু ১০৮ নাহিল।

শেষত ঘাটতে প্ৰসৱ কৰিলে অনামিকা পায়েঙে। মুকলি আকাশৰ তলত ঘাটৰ পাৰত হাবিত প্ৰসৱ কৰিলে । শেষত এখন ই-ৰিস্কা মাতি গড়মূৰ চিকিৎসালয়লৈ লৈ যায় মাতৃসহ নৱজাতকক। অঞ্চলটোৰ মৰলিয়া,ওপৰ দাম্বোকিয়াল, হস্তীনাপুৰ,কুংবাং আদি,১৬ খনৰো অধিক গাঁৱৰ গঁঞাৰ এই দুৰ্দশা । যাতায়ত যোগাযোগকে ধৰি কোনো উন্নয়নে স্পৰ্শ কৰিব নোৱাৰিলে অঞ্চলবাসীক।