মাজুলী

আলধৰাৰ কু-অভিপ্ৰায়ৰ বলি নতুন কমলাবাৰী সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ,মাজুলী : উদাসীন জীৱন চৰ্যাৰে সমগ্ৰ জীৱন উদাসীন সত্ৰতে কটোৱা এগৰাকী বৈষ্ণৱে নিজ বহাৰে এগৰাকী পুষ্যপুত্ৰ অৰ্থাৎ আলধৰাৰ দ্বাৰা চূড়ান্তভাৱে প্ৰৱঞ্চনাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ ৰমাকান্ত মুদৈয়ে মুঠ ৬ গৰাকী বৈষ্ণৱ আলধৰাৰ সৈতে সত্ৰতে বসবাস কৰি সত্ৰীয়া পৰম্পৰাৰ মাজেৰে জীৱন পৰিচৰ্যা অব্যাহত ৰাখিছিল।

সত্ৰৰ নিয়ম অনুসৰি সত্ৰৰ বহা এখনৰ জ্যেষ্ঠ বৈষ্ণৱগৰাকীয়ে নিজ পুত্ৰৰ দৰেই প্ৰতিগৰাকী বৈষ্ণৱক আৱৰি ৰাখি ডাঙৰ-দীঘল কৰাৰ নিয়ম। সেইদৰে বৈষ্ণৱ ৰমাকান্ত মুদৈয়ে মুঠ ৬ গৰাকী বৈষ্ণৱ আলধৰাৰ সৈতে সত্ৰীয়া জীৱন প্ৰণালী অব্যাহত ৰাখি বহুকেইজন আলধৰাক পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰে।

আলধৰা দেবেন ভূঞা

কিন্তু ৰমাকান্ত মুদৈৰ নামত থকা ৩৩৯ নং ডাগৰ একচনা মাটিৰ  ১ কঠা ১ লেছা মাটি তেখেতৰ আলধৰাই ৰমাকান্ত মুদৈক মৃত বুলি ঘোষণা কৰি আলধৰা দেৱেন চন্দ্ৰ ভূঞাৰ নামত পৃথকে ম্যাদী কৰে। সেই সময়ৰ লাট মণ্ডল সোনেশ্বৰ মেধিৰ অধীনৰ লাটত সেই সময়ৰ চক্ৰ বিষয়া অচ্যুত বৰুৱাৰ হুকুম মৰ্মে ম্যাদী হোৱা উক্ত ভূমিৰ সন্দৰ্ভত জ্ঞাত নাছিল বৈষ্ণৱ ৰমাকান্ত মূদৈ।

কিন্তু ৰমাকান্ত মুদৈয়ে ম্যাদী সংক্ৰান্তীয় কামৰ বাবে মাটিৰ সবিশেষ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাবলৈ যোৱাত জীৱিত ৰমাকান্ত মুদৈকে মৃত সজাই তেওঁৰে আলধৰা দেৱেন চন্দ্ৰ ভূঞাৰ নামত ১ কঠা ১ লেছা মাটি ম্যাদী হৈ থকাৰ কথা জানিব পাৰি হতভম্ব হৈ পৰে।

আলধৰা দেবেন ভূঞা

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই সংক্ৰান্তত ৰমাকান্ত মূদৈয়ে ২০২১ বৰ্ষতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ দিছিল, যদিও বিষয়টো তেনে ধৰণে আগ-নবঢ়াত তেওঁ জিলা আইন সেৱা প্ৰাধিকৰণৰ কাষ চাপে। এই সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণৰ আধিবক্তাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ৰাজহ শাখালৈ এখন জননী জাৰি কৰে।

উক্ত জাননী লাভ কৰিয়েই জিলা ৰাজহ শাখাই যোৱা ১১ মাৰ্চত দুয়োপক্ষ উপস্থিতি হয়। উক্ত গোচৰৰ শুনানি লৈ যোৱা ২৩ এপ্ৰিলত ৰমাকান্ত মুদৈহে উক্ত মাটিৰ প্ৰকৃত পট্ৰাদাৰ হিচাপে ঘোষণা কৰি দেৱেন চন্দ্ৰ ভূঞাৰ নাম উক্ত পট্ৰাৰ পৰা নাম কৰ্তন কৰি পট্ৰাৰ আদেশ বাতিল কৰে।

ইয়াৰ পাছতে ৰমাকান্ত মুদৈক তেওঁৰ ভূমি ঘূৰাই দিবলৈ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে। ইফালে নিজৰ ভূমি বৈষ্ণৱ ৰমাকান্ত মুদৈয়ে পুনৰ লাভ কৰিলে যদিও শৈশৱৰে পৰা তুলি-তালি ডাঙৰ দীঘল কৰা নিজৰ আলধৰাৰ কু অভিপ্ৰায়ৰ ফলতেই জীৱিত অৱস্থাতে মৃত আখ্যা লাভ কৰি শনিবাৰে মাজুলীৰ আদালত চৌহদতে কান্দোনত ভাগি পৰে জ্যেষ্ঠ বৈষ্ণৱগৰাকী।