অসম

ঢকুৱাখনাত নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঢকুৱাখনাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং বান্তৌৰ কঢ়াবান্ধ গাওঁৰ সমীপত এগৰাকী ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। মঙলবাৰে দুপৰীয়াভাগত গাদৈ গাঁও পথাৰৰ সমীপৰ বিৰিণাৰ মাজত লংপেন্ট-চাৰ্ট পৰিহিত প্ৰায় ৫০ বছৰীয়া ব্যক্তিজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয়লোকে ।

পৰৱৰ্তী সময়ত এই খবৰ বিয়পি পৰাত কঢ়া বান্ধ গাঁওৰ ৰাইজ গৈ মৃতদেহটো উদ্ধাৰ কৰি চিনাক্ত কৰে । জানিব পৰা মতে যোৱা ১১ মাৰ্চৰ বিয়লি প্ৰায় ৫-৩০ বজাৰ পৰা সন্ধানহীন হৈ আছিল গাঁওখনৰ প্ৰভাত চমুৱা নামৰ ব্যক্তিজন। মৃতদেহ তেওঁৰেই বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে।

১১ মাৰ্চৰ বিয়লি ঘৰৰ পৰা ওলাই গৈছিল চমুৱা । আত্মীয় স্বজনে পথাৰৰ পৰা গৰু আনিবলৈ যোৱা বুলি ধাৰণা কৰিছিল যদিও বহু নিশা পৰ্যন্ত ঘৰলৈ ব্যক্তিজন উভতি নহাত চিন্তিত হৈ পৰিছিল পৰিয়াল । পৰিয়ালৰ লগতে ৰাইজে বিচাৰ খোচৰ কৰাৰ পাছতো কোনো সন্ধান পোৱা নাছিল তেওঁৰ।

এই ঘটনাৰ প্ৰায় ৮দিন পাছত আজি লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰলোকে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত পৰিয়ালৰলোকে এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য।