অসম

জালুকবাৰী আৰক্ষী থানাত অঘটনঃ চুৰিৰ অভিযুক্তই আৰক্ষীৰ জিম্মাত ল'লে চিপ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জালুকবাৰী আৰক্ষী থানাত অঘটন। আৰক্ষীৰ জিম্মাত চিপ লৈ আত্মহত্যা এজন যুৱকৰ। সোমবাৰে পোহৰলৈ আহিছে এই ঘটনা। 

আত্মহত্যা কৰা যুৱকজনৰ নাম জেহিৰুল ইছলাম বুলি জানিব পৰা গৈছে। চুৰি কাৰ্যত জড়িত অভিযোগত আটক কৰিছিল জেহিৰুলক। জালুকবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছিল জেহিৰুলক।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে দণ্ডাধীশ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া। কি কাৰণে যুৱকজনে আত্মহত্যা কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।