অসম

কংগ্ৰেছৰ মায়া এৰি গেৰুৱা বসন পিন্ধিলে মানস বৰাই

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে পদত্যাগৰ ছুনামী। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ পৰা বিদায় মাগিছে ইজনৰ পিছত সিজন নেতা-কৰ্মী।

ভূপেন বৰা নেতৃত্বাধীন প্ৰদেশ কংগ্ৰেছত খহনীয়া অৱ্যাহত থকাৰ মাজতে শনিবাৰে কংগ্ৰেছৰ মায়া এৰি গেৰুৱা বসন পিন্ধিলে মানস বৰাই। আজি বিয়লি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ মানস বৰা,অনুজ বৰকটকী আৰু গৌৰৱ সৌমানিয়ে ৰাজ্যিক সভাপতি ভৱেশ কলিতা,সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰিকাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে।

বিজেপিত যোগদানৰ পাছতে সদ্য কংগ্ৰেছ ত্যাগী নেতা তথা ন-বিজেপি মানস বৰাই কয় যে, কংগ্ৰেছত একনায়কত্ববাদ চলে। সেয়ে তেওঁ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। অনুজ বৰকটকীয়ে কয়- শৰৎ বৰকটকীৰ দিনৰে পৰা আমাৰ ভেটি আছিল সোণাৰিত। মই নিজেই চৰাইদেউ জিলা কংগ্ৰেছৰ সম্পাদক তথা সভাপতি আছিলো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিলৈ আহিলো।

কংগ্ৰেছত এতিয়া গুৰি ধৰোতা নাই। শৰৎ বৰকটকীৰ দিনৰ কংগ্ৰেছ আৰু আজিৰ কংগ্ৰেছৰ তুলনাই নহয়। কংগ্ৰেছত লবী চলি আছে।

আনহাতে শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰা কিশোৰ ভট্ৰাচাৰ্য্যই দেওবাৰে পৰিধান কৰিব গেৰুৱা বসন।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানস বৰাই শনিবাৰে দিনৰ ভাগত কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ লগতে সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিছিল। দলৰ সকলো দায়িত্বৰ পৰা অৱ্যাহতি বিচাৰি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ।

গৌৰৱ গগৈৰ সৈতে সঘনাই দেখা পোৱা প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰাই লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ ত্যাগ কৰা খবৰে ভিতৰচ’ৰাত কি প্ৰভাৱ পেলাই সেয়া দলৰ আভ্যন্তৰীণ কথা, কিন্তু এটা কথা স্পষ্ট যে, সমাগত নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব সেই কথা নুই কৰিব নোৱাৰি।