অসম

মানস অভয়াৰণ্যত আটক ৫ চোৰাং চিকাৰীঃ জব্দ বন্যপ্রাণীৰ বিভিন্ন অংগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মানস অভয়াৰণ্যত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চনাই বন বিভাগে। এই অভিযানত অভিযানকাৰী বাহিনীটোৱে আটক কৰিবলৈ সক্ষম হয় ৫জনকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক।

ধৃত চোৰাং চিকাৰীক কেইজনৰ পৰা বনৰক্ষী বাহিনীয়ে গঁড়ৰ খৰ্গ, হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰে। তদুপৰি হাতীৰ দাঁতকে ধৰি বন্যপ্রাণীৰ বিভিন্ন অংগ চোৰাং চিকাৰীকেইটাৰ পৰা জব্দ কৰিছে বাহিনীটোৱে।