অসম

মানকাচৰত AIUDFৰ যোগদান কাৰ্যসূচীঃ বিজেপিক নহয় কংগ্ৰেছক সমালেচনা দলীয় নেতাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰত এ আই ইউ ডি এফ (AIUDF)ৰ বিশাল যোগদান সভা। ঝালৰচৰ গাঁও পঞ্চায়তৰ আবুল কাছেম নামৰ অগপৰ নেতাজনৰ বাসগৃহত অনুষ্ঠিত কৰা হয় এ আই ইউ ডি এফৰ এই যোগদান সভা। এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী সম্পন্ন কৰা হয়। এই কাৰ্যসূচীত দলটিত যোগদান কৰে আবুল কাচেমসহ শতাধিক অগপৰ নেতা-কৰ্মীয়ে।

ইফালে সভাৰ মাজতে এ আই ইউ ডি এফৰ ব্লক সম্পাদক মনিম হুছেইন মুন্নাৰ বিস্ফোৰক মন্তব্য। ‘বিজেপিৰ দিনৰ মুছলমানৰ ক্ষতি হোৱা নাই, কংগ্ৰেছৰ দিনতহে হৈছে। কংগ্ৰেছ চৰকাৰ থকা কালত নেলী হত্যাকাণ্ড, বি টি এ ডিৰ দৰে বহু ঘটনা সংঘটিত হৈছে। কংগ্ৰেছৰ বাবে আজি মুছলমান ডি ভোটাৰ হৈ ডিটেনশ্যন কেম্পত আছে।' আনফালে, এ আই ইউ ডি এফৰ যোগদান সভাৰ অন্তত গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলিলে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে।