অসম

মানকাচৰ মহাবিদ্যালয় উত্তপ্ত পৰিস্থিতি,নতুন অধ্যক্ষ বাছনিক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ…

asomiyapratidin
  • মানকাচৰ মহাবিদ্যালয় উত্তপ্ত পৰিস্থিতি ।
  • মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দুই গোটৰ পৃথক প্ৰতিবাদ ।
  • নতুন অধ্যক্ষ বাছনিক লৈ শিক্ষাৰ্থীৰ মাজত অৰিয়াঅৰি ।
  • মহাবিদ্যালয় খনৰ এটা গোটৰ শিক্ষাৰ্থীয়ে জেষ্ঠ্য প্ৰবক্তা পি চি মহাপাত্ৰক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়াৰ দাবী ।
  • আন এটা গোটৰ দাবী ড০ সুদিপ্তা দত্তক ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তিৰ দাবী ।
  • দেওবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ আবেদ আলীয়ে অৱসৰ গ্ৰহন কৰে
  • দেওবাৰে ড০ সুদিপ্তা দত্তক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়ে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে
  • কিন্তু পৰিচালনা সমিতিৰ এই সিদ্ধান্তক লৈ শিক্ষাৰ্থী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
  • সোমবাৰে শিক্ষাৰ্থী সকলে শ্ৰেনী বৰ্জন কৰি হাতে হাতে প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ আৰম্ভ কৰে
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈছে মহাবিদ্যালয় খনত ।
  • পৰিচালনা সমিতিৰ সিদ্ধান্ত বাতিলৰ দাবীত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে পৰিয়ালনা সমিতিলৈ স্মাৰক পত্ৰ প্ৰদান ।
  • দাবী পুৰন নোহোৱালৈ শিক্ষাৰ্থী সকলে শ্ৰেনী বৰ্জন কৰি প্ৰতিবাদ অব্যাহৰ ৰখাৰ ভাবুকি ।
  • বিশ্ব বিদ্যালয়ৰ নিয়ম-নীতি মতেই নতুন অধ্যক্ষ নিযুক্তিৰ দাবী ।