অসম

উৎকট গৰমে দহিছে ৰাজ্য: এইবাৰ দৰঙত সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী...

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈ : উৎকট গৰমে দহিছে ৰাজ্যক। ক্ৰমাৎ বৃদ্ধি পাই অহা তাপমানৰ প্ৰতি লক্ষ্য ৰাখি জিলা সমূহৰ পাঠদানৰ সময়সূচী উপায়ুক্তসকলে পুৱাৰ ভাগলৈ আগুৱাই দিছে। দৰঙৰ উপায়ুক্ত মনিন্দ্ৰ নাথ ঙাতে জিলাখনৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ সমূহৰ পাঠদানৰ সময়সূচী পুৱাৰ ভাগলৈ আগুৱাবলৈ বুধবাৰে এক নিৰ্দেশ জাৰি কৰে।

এই নিৰ্দেশনা অনুসৰি ৮-৬-২০২৩ তাৰিখৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ৭-৩০ বজাত আৰম্ভ হৈ ১১-৩০ বজাত অন্ত পৰিব। আনহাতে মাধ্যমিক বিদ্যালয়ৰ পাঠদান ৭-৩০বজাত আৰম্ভ হৈ ১-১৫ বজাত অন্ত পৰিব আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ৭-৩০ আৰম্ভ হৈ ১-৩০ বজাত অন্ত পৰিব।