অসম

মঙলদৈত অঘটনঃ প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা দুই মহিলাক মহতিয়াই নিলে বাহনে...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ পিপৰা দোকানৰ সমীপৰ শাকতোলাত শুক্ৰবাৰে ৰাতিপুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত প্ৰাত: ভ্ৰমণলৈ ওলাই অহা দুগৰাকী মহিলাক অচিনাক্ত বাহনে মহতিয়াই নিয়ে।

এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী সংকটজনক অৱস্থাত মঙলদৈ অসমৰিক চিকিৎসালয়ত মৃত্যু হয় ৷

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা মহিলাগৰাকীৰ নাম ৰিনা বৰুৱা আৰু চিকিৎসালয়ত মৃত্যু হয় জাহ্নু বৰুৱা। নিহত মহিলা দুগৰাকী পটালচিং পাৰাৰ বুলি জানিব পৰা গৈছে।