অসম

লোক-সংস্কৃতিৰ সাধক দুলু বড়োলৈ জেংৰাই বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ অসমৰ আগশাৰীৰ অপেছাদাৰী নাট্যগোষ্ঠী 'জেংৰাই অসম'ৰ উদ্যোগত ৭এপ্রিল দেওবাৰে অষ্টম বার্ষিক 'তপন বৰুৱা সোঁৱৰণী জেংৰাই থিয়েটাৰ উৎসৱ- ২০২৪' অনুষ্ঠিত হ'ব। এই উপলক্ষে বিশিষ্ট অভিনেতা চিৰঞ্জীৱ ওজাক সভাপতি আৰু নাট্যকর্মী পুলকেশ বড়োক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।

বিশিষ্ট নাট্যকর্মী তথা জেংৰাই অসমৰ সঞ্চালক বিশ্বজিৎ ডেকাই জনোৱা অনুসৰি জেংৰাই অসমৰ মঙলদৈৰ বাকৰিত হ'বলগীয়া এই উৎসৱত অসমৰ তিনিটা আগশাৰীৰ নাট্যগোষ্ঠীয়ে নাট পৰিৱেশন কৰিব। তদুপৰি এই বৰ্ষৰ 'জেংৰাই বঁটা-২০২৪' বিশিষ্ট সাংস্কৃতিক কর্মী তথা লোক-সংস্কৃতিৰ সাধক দুলু বড়োক প্ৰদান কৰা হ'ব।

উক্তদিনা পুৱা ১০ বজাত অভিনেতা তপন বৰুৱাৰ স্মৃতিত বন্তি প্রজ্বলন আৰু ভাগৱত পাঠেৰে আৰম্ভ হ'বলগীয়া উৎসৱত ৰমেশ ডেকা সোঁৱৰণী প্ৰৱেশদ্বাৰ মুকলি কৰিব বিশিষ্ট সাহিত্যিক চক্ৰধৰ নাথে। বিয়লি উদযাপন সমিতিৰ সভাপতি চিৰঞ্জীৱ ওজাৰ আদৰণী ভাষণেৰে আৰম্ভ হ'বলগীয়া মূল অনুষ্ঠানত মঞ্চ উদ্বোধন কৰিব প্ৰাক্তন বিধায়ক তথা অসম মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। ইয়াৰ পিচতে উৎসৱৰ পত্রিকা উন্মোচন কৰিব 'অসমীয়া প্রতিদিন'ৰ সাংবাদিক গণেশ দত্তই।

জেংৰাই থিয়েটাৰ ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্বজিৎ ডেকাৰ ৰচনা আৰু পৰিকল্পনাৰে পৰিৱেশন কৰিব 'বৰশী' নামেৰে এখন শিশু নাট। আনহাতে গুৱাহাটীৰ নাৰেংগীৰ 'ইচ্ছ অ'কে' নাট্যগোষ্ঠীয়ে সত্যেন শৰ্মাৰ ৰচনা আৰু পৰিচালনাৰে 'শেষ আশ্রয়', 'আখৰা গৃহ', ডিব্ৰুগড়ে অসীম শৰ্মাৰ ৰচনা আৰু পৰিচালনাৰে 'লাভ ইউ জিন্দেগী' আৰু 'জেংৰাই অসম, মঙলদৈ'-এ বিশ্বজিৎ ডেকাৰ ৰচনা আৰু পৰিচালনাৰে 'ঘণ্টা' নামৰ নাটখন মঞ্চস্থ কৰিব।

অনুষ্ঠানত জনপ্রিয় উপন্যাস 'বকুল ফুলৰ দৰে'ৰ স্ৰষ্টা, সাহিত্য অকাডেমীৰ শিশু বঁটাপ্ৰাপক ড° মৃণাল কলিতা আৰু সাহিত্য অকাডেমীৰ যুৱ বঁটাপ্ৰাপক ড° সঞ্জীৱ পল ডেকা অতিথি হিচাপে উপস্থিত থাকিব।