দিব্যাংগ হৈয়ো লাভ নকৰে চৰকাৰী সুবিধাঃ বাওঁ হাতৰ আঙুলি নথকাৰ বাবেই কৰ্তন ৰেচন কাৰ্ড 
অসম

দিব্যাংগ হৈয়ো লাভ নকৰে চৰকাৰী সুবিধাঃ বাওঁ হাতৰ আঙুলি নথকাৰ বাবেই কৰ্তন ৰেচন কাৰ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ ছয়দুৱাৰ: শাৰীৰিক প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান জনাই একাধিক কৰ্মৰে জীৱন যুঁজত অৱতীৰ্ন হৈ নিজৰ দৃঢ় মনোবলৰ পৰিচয় দিবলৈ সক্ষম হৈছে গহপুৰৰ এগৰাকী দিব্যাংগ যুৱকে। জন্মগতভাবে বাওঁ হাতৰ এটাও আঙুলি নথকা যুৱকজনে তামোল গছত উঠি তামোল-পান ছিঙাৰ কৰ্ম কৰি অৰ্থ উপাৰ্জন কৰাৰ সামন্তৰালভাবে চাইকেল চলাই ঘৰে ঘৰে ভঙা-ছিঙা, লো-লংকৰ আদি সংগ্ৰহ কৰি কাবাৰিৰ কামত জড়িত হৈ নিজৰ পৰিয়ালটো চলাইছে।

এখন হাতৰ আঙুলি নথকা অৱস্থাতো উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ন হোৱা দিব্যাংগ যুৱক জনৰ নাম মনিল গগৈ। গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত জালুকবাৰী গাঁৱৰ নিৱাসী প্ৰয়াত উপেন গগৈৰ পুত্ৰ মনিল গগৈয়ে বাওঁ হাতখনৰ এটাও আঙুলি নথকা পাছতো আনৰ অনুগ্ৰহৰ পাত্ৰ নহৈ নিজেই কাম কৰি ঘৰ চলাই আছে।

উল্লেখ্য যে বৃদ্ধা মাতৃৰ লগত এটা জৰাজীৰ্ণ আৱাস গৃহত বসবাস কৰা মনিলে পূৰ্বতে বিনামূলীয়া চৰকাৰী চাউল লাভ কৰিছিল যদিও দুৰ্ভাগ্যজনকভাবে সেইয়া কৰ্টন কৰিলে বিভাগীয় কৰ্তৃপক্ষই। কাৰণ বিনামূলীয়া চৰকাৰী চাউল লাভ কৰিবলৈ আধাৰ কাৰ্ডৰ প্ৰয়োজন। কিন্তু মনিল গগৈৰ বাও হাতখনত আঙুলি নথকাৰ বাবেই আধাৰ কাৰ্ডখন বনাবলৈ সক্ষম হোৱা নাই।

বিনামূলীয়া চৰকাৰী চাউল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভৰ পৰা বঞ্চিত মনিলে এগৰাকী দিব্যাংগ হিচাপেও কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলত বৃদ্ধা মাতৃসহ নিজৰ দুজনীয়া পৰিয়ালটো চলাবৰ বাবে তামোল গছত উঠি তামোল,পান পৰা আৰু ভগা-ছিঙা লো-লংকৰ সংগ্ৰহৰ দৰে কাবাৰীৰ কাম কৰিবলৈ বাধ্য হৈছে।

নিজৰ কৰ্মত অতিকৈ সন্তুষ্ট মনিলক চৰকাৰী সা-সুবিধা লাভৰ বাবে বৰ্তমান অতিকৈ প্ৰয়োজন হৈ পৰিছে এখন আধাৰ কাৰ্ডৰ। বাতৰি সংগ্ৰহৰ বাবে যোৱা এই প্ৰতিবেদকক মনিলে নিজৰ প্ৰধান অসুবিধাটোৰ বিষয়ে ব্যক্ত কৰাত গহপুৰ উপ ডাকঘৰৰ আধাৰ কেন্দ্ৰৰ বিষয়াৰ লগত ফোন যোগে যোগাযোগ কৰি মনিলৰ আধাৰ কাৰ্ড বনোৱাৰ ব্যৱস্থা কৰা হয়।

খেতি কৰিবলৈ মাটি নথকা মনিল গগৈক বিশেষভাবে প্ৰয়োজন হৈছে বিনামূলীয়া চৰকাৰী চাউল। চাউল লাভ কৰিলে বাকী খা-খৰচ তেওঁ কৰ্ম কৰিয়েই যোগাৰ কৰিব বুলি দৃঢ়তাৰে জনায়। জন্মগতভাবে এগৰাকী দিব্যাংগ মনিলৰ দিব্যাংগতাৰ প্ৰমাণ পত্ৰ থকাৰ পাছতো কি কাৰণে চৰকাৰী সা-সুবিধা লাভ নকৰে সেইয়া ৰহস্যৰ বিষয় হৈ পৰিছে।