মানকাচৰৰ কামাখ্যা মন্দিৰ 
অসম

মানকাচৰৰ কামাখ্যা মন্দিৰত মহা নৱৰাত্ৰিৰ পূজা-অৰ্চনা

Asomiya Pratidin

ডিজিটেল সংবাদ,মানকাচাৰঃ বুধবাৰে মানকাচৰৰ কামাখ্যা মন্দিৰত মহা নৱৰাত্ৰি পূজা অনুষ্ঠিত হয়। পঞ্চমীৰ দিনা দেৱী দুৰ্গাৰ প্ৰতিমা মণ্ডপত স্থাপন কৰাৰ পিছত ষষ্ঠী,সপ্তমী আৰু অষ্টমীৰ দিনা দেৱীক বিভিন্ন ফুলেৰে পুষ্পঞ্জলি দিয়া লগতে মহা যজ্ঞ,আৰতি,ভোগ প্ৰদান কৰে। আন আন বছৰৰ দৰে কামাখ্যা মন্দিৰত আজি সহস্ৰাধিক ভক্তৰ সমাগম হয়। এইবেলি মহা নৱৰাত্ৰি উপলক্ষে মন্দিৰ কৰ্তৃপক্ষই বিভিন্ন কাৰ্যসূচী হাতত লৈছে।

উল্লেখ্য যে, দেশৰ সাধাৰণ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ’বলৈ ভক্তসকলে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায়। আনহাতে মানকাচৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে নিজ নিজ প্ৰতিষ্ঠানত ৰাম নৱমী উৎসৱ পালন কৰাও পৰিলক্ষিত হয়।