অসম

মানকাচৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত ভয়ংকৰ কেলেংকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দুৰ্নীতি দমনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ স্থিতিৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি। মুখ্যমন্ত্ৰীৰ এই স্থিতিৰ প্ৰতি ভ্ৰক্ষেপ নাই একাংশৰ। এইবাৰ পোহৰলৈ আহিছে মানকাচৰৰ পথুৰীয়া গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত কৰা ভয়াৱহ দুৰ্নীতি। পঞ্চায়ত সদস্য, সভাপতি, সচিব, জিপিচি আৰু হিতাধিকাৰী মিলি গৃহ নিৰ্মাণ নকৰাকৈ চৰকাৰী ধন আত্মহাত কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে পঞ্চায়তখনত ৩গৰাকী হিতাধিকাৰীৰ নামত এই দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। পঞ্চায়ত খনৰ ৮ নং ৱাৰ্ডৰ হিতাধিকাৰী ৰেজিয়া খাতুন, ছৈদুৰ মিয়া আৰু ছয়াজ আহেদ নামৰ হিতাধিকাৰী ৩জনৰ নামত PMAY-G ৰ চৰকাৰী গৃহ আৱণ্টন হৈছে। কিন্তু উক্ত হিতাধিকাৰী তিনিজনৰ নামত আৱণ্টিত গৃহ নিৰ্মাণ নকৰাকৈ চৰকাৰী ধন উলিওৱাৰ অভিযোগ উত্থাপিত হৈছে।

হিতাধিকাৰী তিনিজনৰ ভিতৰত ৰেজিয়া খাতুন দুটা কিস্তিৰ ধন উলিওৱাৰ লগতে বাকী হিতাধিকাৰী দুজনে ৩ টাকৈ কিস্তিৰ ধন উলিয়াইছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে হিতাধিকাৰী ৩জনে গৃহ নিৰ্মাণ কৰা নাই বুলি গাঁও পঞ্চায়তখনৰ সহিদূৰ আহমেদ নামৰ ব্যক্তিজনে অভিযোগ তুলিছে। ইতিমধ্যে জিলা আয়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত সহিদুল আহমেদে লিখিত অভিযোগ দাখিল কৰাৰ পাচত বিষয়টোলৈ তদন্ত চলাই থকা হৈছে।

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ এক তদন্তৰ সময়ত ছৈদুৰ মিয়া আৰু ছয়াজ আহেদ ওৰফে ছয়াজ জামাল নামৰ হিতাধিকাৰী দুজনে নিজৰ পঞ্চায়ত আৰু নিজৰ ঘৰ-ভূমি এৰি পাৰ্শ্ববৰ্তী ভূৰাকাটা গাওঁ পঞ্চায়তত অন্য আত্মীয়ৰ ভূমিত গৃহ নিৰ্মাণ কৰা দেখুওৱাৰ লগতে ৰেজিয়া খাতুন পঞ্চায়ত খনৰে অন্য লোক ভূমিত ঘৰ নিৰ্মাণ কৰা বুলি পোহৰলৈ আহিছে ।

কিন্তু বিভাগীয় নিয়ম অনুসৰি কোনো হিতাধিকাৰীৰ চৰকাৰী আৱাস যোজনাৰ গৃহ অন্য পঞ্চায়তত নিৰ্মাণ কৰিবলৈ হলে উৰ্ধতম কৃতপক্ষৰ অনুমতিৰ প্ৰয়োজন আছে। পঞ্চায়ত সভাপতি তাৰা শইকীয়া, তদানীন্তণ পঞ্চায়ত সচিব জামিৰুল ইছলাম, গাওঁ পঞ্চায়তখনৰ ৮ নং সদস্য আৰু পাথুৰীয়া গাওঁ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত জিপিচি অমিত কুমাৰ ৰয় হিতাধিকাৰীৰ সৈতে গোপনে তিনি হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ নামত ধনখিনি উঠাই চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে জিলা পৰিষদৰ মুখ্য কাৰ্যাবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰে ভাৰপ্ৰাপ্ত জিপিচি অমিত কুমাৰ ৰয়ক যোৱা ৪ জুলাই তাৰিখে এনে খেলিমেলিৰ কাৰণ দৰ্শোৱাৰ জাননি প্ৰদান কৰিছে।

কাইলৈ বিষয়টোক লৈ জিলা পৰিষদৰ কাৰ্যালয়ত এখন হেয়াৰিং অনুষ্ঠিত হব। এই হেয়াৰিংত পঞ্চায়ত সভাপতি, সচিব, জিপিচি তথা সদস্যই উপযুক্ত তথ্য দাখিল কৰিব নোৱাৰিলে তেওঁলোকৰ বিৰুদ্ধে জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়াই আইনগত ব্যৱস্থা গ্ৰহন সম্ভাবনা আছে।

অভিযোগকাৰী সহিদুৰ আহমেদে আজি সাংবাদিকক জানিবলৈ দিয়া মতে, তিনিওজন হিতাধিকাৰী এতিয়ালৈ চৰকাৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰা পৰিলক্ষিত হোৱা নাই। তদন্তত তেওঁলোক অন্যজনৰ ঘৰ দেখুৱাই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছে। এই দূৰ্নীতিত পঞ্চায়ত প্ৰতিনিধি আৰু জিপিচি জৰিত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।