অসম

চমক নহয়, সচেতনতাঃ গাড়ী এৰি চাইকেলত কলেজলৈ আহিল অধ্যক্ষ, অধ্যাপক, শিক্ষাৰ্থী

asomiyapratidin

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষই জাৰি কৰিছে এখন বিশেষ জাননী। মহাবিদ্যালয়খনৰ চৌহদ প্ৰদূষণমুক্ত কৰিবলৈ অধ্যক্ষগৰাকীয়ে লৈছে এই বিশেষ পদক্ষেপ।

জাননীখনত অধ্যক্ষ লীলা কান্ত বৰঠাকুৰে অধ্যপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক বক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ পৰিৱৰ্তে মহাবিদ্যালয়লৈ শনিবাৰে নিজৰ চাইকেল বা ৰাজহুৱা বাহনত আহিবলৈ আহ্বান জনায়।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অধ্যাপক, ছাত্ৰ-ছাত্ৰীসকলো আহে চাইকেলেৰ। আনকি খোদ অধ্যক্ষগৰাকীও মহাবিদ্যালয়লৈ আহে এখন চাইকেল লৈ। অধ্যক্ষগৰাকীৰ এই পদক্ষেপ অঞ্চলটোৰ সচেতন মহলে আদৰণি জনায়।