অসম

ভোটাৰ আই ডি কাৰ্ডত বাংলা ভাষা কিয়? ফেচবুকত প’ষ্ট দি আৰক্ষীৰ আলহী কংগ্ৰেছ নেতা

asomiyapratidin
  • ফেচবুকত প'ষ্ট দি বিপদত কংগ্ৰেছ নেতা।
  • মৰিগাঁৱৰ কংগ্রেছৰ সেৱা দলৰ সভাপতি প্রদীপ দাসক আটক।
  • মৰিগাঁৱৰ সদৰ থানাৰ আৰক্ষীয়ে আটক কৰিলে দাসক।
  • ফেচবুকত ভোটাৰ আই ডিৰ কভাৰত বাংলা ভাষা থকাৰ সন্দৰ্ভত দিছিল প'ষ্ট।
  • নিজাববীয়াকৈ আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ।
  • তেওঁ লিখিছিল- 'এয়া বিজেপি দলে অসমীয়া ভাষা নিশেষ কৰি দি বাংলা ভাষা জাপি দিবলৈ ক'ত সাহস পালে?'
  • আৰু লিখিছিল- 'প্রয়োজনত বিজেপিৰ বিৰুদ্ধে অস্ত হাতত তুলি ল'ব'।
  • এই প'ষ্ট দিয়া বাবেই মৰিগাঁও আৰক্ষীয়ে আটক কৰিলে কংগ্ৰেছ নেতাজনক।