খটখটিত ভয়ংকৰ অগ্নিকাণ্ড 
অসম

খটখটিত ভয়ংকৰ অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ,খটখটি : খটখটিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ২০ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায়। শনিবাৰে সন্ধিয়া ৬-৩০ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

খটখটি আৰক্ষী থানাৰ অন্তৰ্গত তিলাবস্তিৰ শান্তি গাঁৱৰ নিবাসী গমা মিশ্ৰৰ ঘৰত সংঘটিত হৈছে উক্ত অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডটো শ্বট চাৰ্কিটৰ ফলত সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে।

অগ্নিকাণ্ডৰ ফলত ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ লগতে ২ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। পৰৱৰ্তী সময়ত ঘটনস্থলীত বোকাজানৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিতি হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।