ৰঙিয়া সমজিলা উদ্বোধনৰ সময়তে পৌৰ কৰ্মচাৰীৰ প্ৰাপ্য মজুৰি বিচাৰি তীব্ৰ প্ৰতিবাদ  
অসম

ৰঙিয়া সমজিলা উদ্বোধনৰ সময়তে পৌৰ কৰ্মচাৰীৰ প্ৰাপ্য মজুৰি বিচাৰি তীব্ৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ আজি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া পৌৰ সভাৰ কৰ্মচাৰীসকলে প্ৰাপ্য বিচাৰি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে। আজি ৰঙিয়া সমজিলা উদ্বোধনী সময়তে ৰঙিয়া পৌৰ কৰ্মচাৰীসকলে পৌৰসভাৰ কাৰ্য্যালয়ত সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখ্য যে ৰাজ্যখনৰ লগতে ৰঙিয়াতো পৌৰ সভাৰ কৰ্তব্যপৰায়ন পৌৰ কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰ, পৌৰ সভাই প্রদর্শন কৰি অহা দায়িত্বহীন আচৰণৰ বাবে পৌৰ কৰ্মীসকলে কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰি হাতে হাতে বেনাৰ, পোষ্টাৰ, ফেষ্টুন লৈ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, হৰিজন চাফাই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰি চৰকাৰী সমহাৰত বেতন আদায় দিয়া, মাহ মাহ ধৰি অনাদায় বেতন আদায় দিয়া আদিৰ দাবী উত্থাপনেৰে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

কৰ্মচাৰীসকলৰ কৰ্মবিৰতি আৰু এনে প্ৰতিবাদত অচল হৈ পৰে পৌৰ সভাৰ স্বাভাৱিক কাম কাজ। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ এই সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী সাব্যস্ত কৰি পৌৰ নিগম নিকায় কৰ্মচাৰী সন্থাই তৎকালে পৌৰ কৰ্মচাৰীসকলৰ প্ৰতি কৰি অহা বঞ্চনা প্ৰতাৰণা বন্ধ কৰি শ্ৰমৰ বিপৰীতে প্ৰাপ্য শীঘ্ৰে আদায় দিয়াৰ দাবী জনায়।

তাৰোপৰি ইতিমধ্যে কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰা পৌৰ কৰ্মী সকলৰ পেঞ্চনৰ ব্যৱস্থা কৰাৰো দাবী জনাই প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে এই গুৰুত্বপূৰ্ণ দাবীসমূহ তৎকালে কাৰ্যকৰী নকৰিলে অধিক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী দিয়ে ।