মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰে ঘৰে ঘৰে গৈ কৰিলে গুৰু সেৱা... 
অসম

মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰে ঘৰে ঘৰে গৈ কৰিলে গুৰু সেৱা...

Asomiya Pratidin

ডিজিটেল সংবাদ মথুৰাপুৰঃ শিক্ষক দিৱসৰ উপলক্ষে বৃহস্পতিবাৰে চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপ,মথুৰাপুৰৰ কৰ্মকৰ্তাসকলে অঞ্চলটোৰ শিক্ষাগুৰুসকলৰ ঘৰে ঘৰে গৈ গুৰু সেৱা কৰি আশিস গ্ৰহণ কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে।

স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে বিগত বছৰৰ দৰে এইবাৰো অঞ্চলটোৰ নিমনাগড় হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক বুদ্বেশ্বৰ ৰাজকোঁৱৰ, নিমনাগড় সাত নং লাইনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বৰিলাল খদাল, মথুৰাপুৰ বৰহোলা প্ৰাথমিক বিদ্যালয় প্ৰাধন শিক্ষক নীলমণি বৰগোহাঞি, সহ শিক্ষয়িত্ৰী মামনি সন্দিকৈ,মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক দিপাংকৰ চেতিয়াৰ বাসগৃহলৈ গৈ গছপুলি, গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰোপৰি তেওঁলোকে আশিস গ্ৰহণ কৰে। এই কাৰ্যসূচীত গ্ৰুপটোৰ সদস্য প্ৰণৱ বৰগোহাঁই,বাসুদেৱ কুমাৰ, আৰু কেশৱ বৰফুকনে অংশগ্ৰহন কৰে ৷