অসম

এইবাৰ চিকিৎসাকৰ্মীক আক্ৰমণ হ’ম আইছ’লেশ্যনত থকা যুৱকৰ, মাটিত বগৰাই প্ৰাণ লোৱাৰ চেষ্টা, আক্ৰমণ কৰিলে বাহনতো…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসক লৈ যিসময়ত কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ তৎপৰ হৈছে, সেই সময়তে আৰক্ষী আৰু চিকিৎসাকৰ্মীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যত লিপ্ত হৈছে একাংশ লোক। শনিবাৰে কামৰূপ জিলাৰ হাজোত চিকিৎসাকৰ্মীক আক্ৰমণ কৰিলে হ'ম আইছ'লেশ্যনত থকা এজন যুৱকে। যুৱকজনৰ নাম শ্বাহৰূখ খান। তেওঁ হ'ম আইছ'লেশ্যনত থকাৰ বাবে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল স্বাস্থ্যকৰ্মীৰ এটা দল। কেইদিনমান পূৰ্বে বিহাৰৰ পৰা আহিছিল যুৱকজন। যুৱকজনক ১৪ দিনৰ বাবে হ'ম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিছিল।

শনিবাৰে তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল চিকিৎসাকৰ্মীৰ দল। সেই সময়ত আন একাংশ লোকৰ সৈতে বাহিৰত আড্ডা দি আছিল যুৱকজনে। চিকিৎসাকৰ্মীসকলে তেওঁক তেনেদৰে দেখি বাধা প্ৰদান কৰি ঘৰৰ ভিতৰলৈ যাবলৈ কৈছিল। সেই সময়তে চিকিৎসাকৰ্মীৰ ওপৰত জপিয়াই পৰে যুৱকজন।

শ্বাহৰূখ খানে আজিৰ পৰা নাহিবি বুলি কৈ মাটিত বগৰাই দিয়ে চিকিৎসাৰ বাবে অহা এগৰাকী চিকিৎসা বিষয়াক। ইফালে চিকিৎসা বিষয়াগৰাকীৰ বাহনতো আক্ৰমণ কৰে যুৱকজনে। কোনোমতেহে প্ৰাণ লৈ পলায়ণ কৰে চিকিৎসাকৰ্মীকেইজন। পুৱাৰ ভাগত বঙাইগাঁৱত আৰক্ষীলৈ কেবাজনো লোকে চোচা লৈ শিলগুটি নিক্ষেপ কৰাৰ দিনাই হোজাত সংঘটিত এনে ঘটনাৰ পিছতে চিকিৎসাকৰ্মীসকলৰ নিৰাপত্তাক লৈ বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে।