অসম

অসম-অৰুণাচল সীমা সমস্যাকলৈ পুনৰ গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকৰ পিছতে দুয়ো পক্ষই কেইবাটাও বিবাদমান এলেকা পৰিদৰ্শন কৰে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম আৰু অৰুণাচলৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যাক লৈ শুকুৰবাৰে পুনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ অৰুণাচলৰ চিজুছাষ্ঠিত পাকে টাইগাৰ ৰিজাৰ্ভ পৰিদৰ্শন ভৱনত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত অসমৰ হৈ অংশগ্ৰহণ কৰে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

অন্যহাতে অৰুণাচলৰ হৈ উক্ত বৈঠকত অংশগ্ৰহণ কৰে বন মন্ত্ৰী মামা নাটুং আৰু পাকেকিচাংৰ বিধায়ক বিওৰাম ৱাগেৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়াই ৷ অৰুণাচলৰ দখলত থকা ন মৰা, ৱেষ্ট বেংক আদি কৰি কেইবাটাও অঞ্চলক লৈ বহু সময় ধৰি দুয়োপক্ষৰ মাজত চলা আলোচনাৰ অন্তত অৰুণাচলে নিজৰ দখলত থকা সম পৰিমাণৰ মাটি অসমক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰে ৷

উল্লেযোগ্য যে বৈঠকৰ পিছতে দুয়ো পক্ষই কেইবাটাও বিবাদমান এলেকা পৰিদৰ্শন কৰে ৷