অসম

বিজেপিৰ নিবাৰ্চনী কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ মুহুৰ্তত মেৰাপানী অঞ্চলত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা। মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং তৰাণিত সোমবাৰে নিশা বিজেপিৰ এটা নিবাৰ্চনী কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই।

বিজেপিৰ কাৰ্যালয় ভাঙি পেলোৱা ঘটনাক লৈ মেৰাপানী অঞ্চলত বিজেপিৰ নেতা কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মেৰাপানী অঞ্চলৰ তৰাণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিজেপিৰ নিবাৰ্চনী কাৰ্যালয়টো লণ্ড ভণ্ড কৰাৰ পাছতেই মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বিজেপিৰ কৰ্মীসকলে।

তাৰপাছতে ঘটনাস্থলীত গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনক লৈ সীমান্ত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে যদিও তাৰ মাজতে যোৱা নিশা দৃৰ্বৃত্তৰ এনে কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।