অসম

চৰকাৰক প্ৰত্যাহ্বান ! মেৰাপানীৰ ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰিলে পথ

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানী : জনপ্ৰতিনিধিক বাৰে বাৰে আবেদন নিবেদন কৰিও কোনো সঁহাৰি নাপাই অৱশেষত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পথ। মেৰাপানীৰ তৰাণি গাঁও পঞ্চায়তৰ ৩ নং তৰাণিৰ ৰাইজে গাঁৱলৈ যোৱা মূল পথটোৰ বাবে দুৰ্ভোগ ভুগি আহিছিল।

শেহতীয়াকৈ নিজাববীয়াকৈ পথ মেৰামতি কৰি চৰকাৰলৈ তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াইছে ৰাইজে। ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টিৰ ৩ নং তৰাণি গাঁৱৰ ৰাইজে চৰকাৰী প্ৰতিশ্ৰুতিত আস্থা হেৰুৱাই হাতে কামে লাগিছে পথ মেৰামতিত।

তৰাণিৰ সতী সাধনী ক্ষেত্ৰৰ পৰা নপাম হৈ মেৰাপানী টাউনলৈ যোৱা গুৰুত্বপূৰ্ণ পথটোৰ জৰাজীৰ্ণ অৱস্থাই দশক দশক ধৰি জীয়াতু ভোগাই আহিছে অঞ্চলটোৰ ৰাইজক। মেৰামতিৰ নামত আজিপৰ্য্যন্ত শিল এটাও নপৰা পথটো বাৰিষা কালত বোকা আৰু খৰালি কালত ধূলিৰে উপচি পৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে পথচাৰীসকল।

পথটোৰ কদৰ্য্যময় অৱস্থাৰ বাবেই বৰষুণৰ বতৰত পণবন্দী হৈ পৰে অঞ্চলটোৰ ৰাইজ। স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়কক বিগত দুটা দশকে পথটো মেৰামতি কৰাৰ বাবে আবেদন কৰিছিল যদিও অৱশেষত ভাগৰি পৰে স্থানীয় ৰাইজ‌।

সেয়েহে অৱশেষত গাঁৱখনৰ প্ৰতিটো পৰিয়ালে নিজৰ মাজতে ধন সংগ্ৰহ কৰি বৰ্তমান নিজা উদ্যোগত মেৰামতি চলাই আছে গুৰুত্বপূৰ্ণ পথটোৰ। গাঁৱৰ পুৰুষ মহিলা সকলো একত্ৰিত হৈ শ্ৰমদান কৰিছে পথ মেৰামতিত।

ইফালে চৰকাৰী পক্ষৰ অৱহেলাত ক্ষোভিত হৈ গাঁৱখনৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথটো পুনৰ নিৰ্মাণ কৰি নিদিয়ে তেন্তে ভোট বৰ্জনৰ দৰে কাৰ্য্যসূচী লোৱাৰো হুংকাৰ দিছে।