অভিযুক্ত  
অসম

প্ৰথমে ডকাইতি, পাছত দিন দুপৰতে বৃদ্ধা মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীত সংঘটিত হৈছে লোমহৰ্ষক ডকাইতিৰ ঘটনা। ডকাইতি কৰিবলৈ আহি দিন দুপৰতে বৃদ্ধা মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা ।

অভিযোগ অনুসৰি মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চাউদাং পথাৰ বাৰিছোৱাপট্টিৰ পা-কলি বৰুৱা ওৰফে কুচিয়া নামৰ যুৱকজনে মঙ্গলবাৰে বিয়লি একে গাঁৱৰে কেশৰাম বৰা নামৰ ব‍্যক্তিজনৰ ঘৰত ডকাইতিৰ চেষ্টা চলায়। সেই সময়ত কেশৰাম বৰাৰ ঘৰত লুট-পাত চলাই বিভিন্ন বয় বস্তু নিয়াৰ চেষ্টা চলাওঁতেই তেওঁলোকৰ ঘৰত আলহী হিচাপে থকা কেশৰাম বৰাৰ শাহুয়েক নিৰুমাই গগৈ নামৰ বৃদ্ধা মহিলা গৰাকীক মুখত সোপা দি হত‍্যা কৰাৰ চেষ্টা চলায়।

ডকাইতৰূপী যুৱকজনে চোকা দাৰে নিৰুমাই গগৈক মূৰত আঘাত কৰাৰ ফলত মহিলা গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেনে সময়তে মহিলা গৰাকীৰ জোঁৱায়েক কেশৰাম বৰা চাহ বাগানৰ পৰা আহি গাড়ী ৰখাই চোতালত উপস্থিত হওঁতেই চিঞৰ বাখৰ কৰাত মহিলা গৰাকীক এৰি পা-কলি নামৰ যুৱকজন পলাই যাবলৈ সক্ষম হয় । বৃদ্ধা মহিলা গৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ততাতৈয়াকৈ মেৰাপানী সমুহীয়া চিকিৎসালয়লৈ আনে যদিও মেৰাপানী চিকিৎসালয়ে তেওঁক গোলাঘাটৰ কুশল কোঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীক অৱগত কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।