অসম

পুলৱামাৰ ছহিদক সোঁৱৰি চিআৰপিএফৰ মুখ্য শিবিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ জম্মু কাশ্মীৰৰ পুলৱামাত ২০১৯ চনত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৪০ জনকৈ চি আৰ পি এফৰ মৃত্যু হোৱা ঘটনা সোঁৱৰি বুধবাৰে সন্ধিয়া মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফৰ মুখ্য শিৱিৰত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিৰ দিনটোত চি আৰ পি এফৰ বাৰে এক ক'লা দিন বুলি অভিহিত কৰি সতীৰ্থ বীৰ শ্বহীদ সকলৰ ত্যাগ আৰু বলিদানক সোঁৱৰি মেৰাপানীত চি আৰ পি এফ জোৱান সকলে হাতে হাতে মম বাতি লৈ ৪০ গজ বন্তি প্ৰজ্বলন কৰে।

সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণৰ কথা সোঁৱৰণ কৰি চি আৰ পি এফৰ জোৱান সকল আৱেগিক হৈ পৰাৰ লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ আত্মাৰ সদ্‌গতি কামনা কৰে। এই অনুষ্ঠানত ১৪২ নং চি আৰ পি এফৰ ডি চেক্টৰ কামাণ্ডাৰ শ্বাহজানৰ লগতে বিষয়ববীয়া শ্বহীদ সকলৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা জনায়।