অসম

বিশিষ্ট শিল্পী মিনাৰাম কাকতিৰ বিয়োগ, বছৰ বছৰ ধৰি আবেদন কৰিও লাভ নকৰিলে শিল্পী পেঞ্চন..

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শনিবাৰে বটদ্ৰৱাৰ নৰোৱা কুঁজিসত্ৰৰ বিশিষ্ট শিল্পী মিনাৰাম কাকতি বৰবায়নৰ বিয়োগ ঘটে। একাধাৰে সত্ৰৰ বৰবায়ন, বৰগায়ন, নামলগোৱা, অভিনেতা, খনিকৰ নৃত্যশিল্পী দেউৰী, পাঠক মিনাৰাম কাকতিয়ে ১৯৬০ চনৰ পৰা কুজিসত্ৰৰ সাংস্কৃতিক জীৱনত নিজৰ অৱদান আগৱঢ়াই বৃহত্তৰ অঞ্চলটোৰ নৱপ্ৰজন্মক গুৰুজনাৰ অপূৰ্ব সংস্কৃতিৰ শিক্ষা দি আহিছিল।

নিৰ্জু, সৰলমনা, মৃদুভাষী, সুশ্ৰী, অমায়িক ৭৫ বছৰীয়া শিল্পী গৰাকীয়ে শনিবাৰে বিয়লি কুজি সত্ৰত অনুষ্ঠিত হবলগিয়া ৰাস ভাওনাৰ বাবে কাঠৰ এখনি ধনু বনাই থকা অৱস্থাত হথাৎ বুকুৰ বিষ অনুভৱ কৰে, আৰু নিজ চোতালতে ভতিজাকে পাৰি দিয়া এখনি কঠত শুই দিয়াৰ লগে লগে শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, অতি দৰিদ্ৰ শিল্পী গৰাকীয়ে বৃদ্ধ বয়সত পথাৰত হাল বাই জীৱন নিৰ্বাহ কৰিছিল। বহু বছৰ আবেদন কৰিও অসম চৰকাৰৰ শিল্পী পেঞ্চনা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল তেওঁ। শিল্পী গৰাকীৰ বিয়োগত কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ গোস্বামীকে প্ৰমুখ্য কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে।