অসম

কয়াকুছিত খিলঞ্জীয়াক আক্ৰমণৰ ঘটনাত আহতৰ কাষত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বৰপেটা জিলাৰ অন্তৰ্গত কয়াকুছি-বামুণবড়ি গাঁৱত মঙলবাৰে সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। এই ঘটনাৰ ফলত বামুণবড়ি গাঁৱৰ ৪গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰামতে উক্ত দিনা সংখ্য়ালঘু সম্পদায়ৰ একাংশ লোকে সামান্য় কথাক কেন্দ্ৰ কৰি বামুণবড়িৰ কেইবাজনো লোকক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল। ভুক্তভোগী লোকৰ ভাষ্য অনুসৰি শুৰপাৰা গাঁৱৰ জহুৰ খাঁ'ৰ নেতৃত্বত বামুণবড়িৰ একাংশ লোকৰ ওপৰত দলবদ্ধ আক্ৰমণ চলোৱা হৈছিল।

সংখ্যালঘু সম্প্ৰদায়ৰ লোককেইগৰাকীয়ে হাতে হাতে লাঠি, দা, কুঠাৰ আদি লৈ বামুণবড়িৰ কেইগৰাকীমান লোকক আক্ৰমণ কৰিছিল। এই আক্ৰমণত ৪গৰাকী গুৰুতৰভাৱে আঘাপ্ৰাপ্ত হয়। লোক কেইগৰাকী হ'ল- প্ৰণৱ দাস, বিকাশ দাস, মৌচম দাস আৰু কনজ্যোতি তালুকদাৰ ।

উক্ত ঘটনাৰ পাছতে বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আঘাতপ্ৰাপ্ত লোকসকলৰ কাষত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। মন্ত্ৰীগৰাকীয়ে ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত লোককেইজনক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় লোক আৰু প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে বাৰ্তালাপ কৰি ঘটনাৰ বুজ লয়। আনহাতে মন্ত্ৰীগৰাকীয়ে উক্ত ঘটনাৰ লগত জড়িত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ততালিকে বিচাৰি উলিয়াই কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত চলোৱাৰ কথা জানিব পৰা গৈছে।